ANCHOR সন্ধ্যাৱসানৰ ভাগৰুৱা নিৰ্ঘণ্টত হ’ল যুদ্ধাৱসান৷ অপাৰেশ্যন সিন্দূৰৰ অবিৰাম গতিত বিৰামৰ সূচনা কৰি ৫ বজাৰ লগে লগে অস্ত্ৰচালনা বন্ধ কৰি দিলে ভাৰতীয় সেনাই৷ অৱশ্যে লাইন অৱ কণ্ট্ৰ’লৰ পজিশ্যন সলনি নহ’ল, কিন্তু বন্ধ কৰা হ’ল আক্ৰমণ৷
আমেৰিকাৰ দৌত্যত পাকিস্তানৰ বিষয়াই ভাৰতীয় সেনাৰ DGMO ৰাজীৱ ঘাইলৈ ফোন কৰি অস্ত্ৰ সম্বৰণৰ বাবে অনুৰোধ কৰিলে৷ তাৰ লগে লগে সেনাৰ কমাণ্ডক দিয়া হ’ল শত্ৰুনাশৰ অভিযান বন্ধ কৰাৰ নিৰ্দেশ৷
যুদ্ধৰ সাময়িক অৱসান ঘটিলেও সিন্ধু জল চুক্তি সন্দৰ্ভত ভাৰত নমনীয় নহয়৷ পাকিস্তানক এইবাৰলৈ ৰেহাই দিলেও নতুন দিল্লীয়ে কঠোৰতা হ্ৰাস নকৰে৷ পহলগামৰ নৰসংহাৰৰ দৰে ঘটনাৰ প্ৰায়শ্চিত্ত অবিহনে শত্ৰু দেশৰ প্ৰতি নমনীয় নহয় ভাৰত৷
গতিকে শীঘ্ৰে পুনৰ যুদ্ধৰ আৰম্ভণিৰো সম্ভাৱনা পূৰামাত্ৰাই আছে৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত অপাৰেশ্যন সিন্দূৰৰ অকাল যৱনিকা ঘটিলেও এছ জয়শংকৰৰ কঠোৰ বাৰ্তাই ভাৰতৰ কঠোৰতা নিশ্চিত কৰিছে৷ সমান্তৰালভাৱে সংবাদ মেলতো এই অস্ত্ৰবিৰতি চৰ্তসাপেক্ষ বুলি অভিহিত কৰা হৈছে৷
অৰ্থাৎ যদি পাকিস্তানে উদ্ভণ্ডালি কৰে তেন্তে লগে লগে ভাৰতে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিব৷ সৰ্বোপৰি অস্ত্ৰবিৰতি যে ভাৰতৰ ফালৰ পৰা হোৱা নাই সেই কথাও নিশ্চিত কৰা হৈছে৷
এই বিষয়ে নিশ্চিতিৰ পূৰ্বে পাকিস্তানৰ সেনা বাহিনীৰ DGMO পৰ্যায়ৰ বিষয়াই ভাৰতৰ সৈতে আলোচনাৰ আশা কৰিছিল৷ উত্তেজনা প্ৰশমনৰ বাবে বৈঠক জৰুৰী বুলি প্ৰকাশ কৰিছিল পাকিস্তানী সেনাৰ বিষয়াই৷ একেদৰে এই যুদ্ধৰ উত্তেজনা হ্ৰাসৰ অৰ্থে কৰিবলগীয়া কাম সম্পন্ন কৰিব বুলি মন্তব্য কৰিছিল পাকিস্তানী মন্ত্ৰী ইছাক ডাৰে৷ গতিকে সৰ্বশেষত যে শত্ৰপক্ষ নতশিৰ হৈছে সেয়া নিশ্চিত হৈছে৷
আনহাতে ক্ৰমে লক্ষ্যৰ দিশে আগুৱাইছিল ভাৰতীয় সেনা৷ জাল গুথি পাকিস্তানক বন্দী কৰি তিনিটা সামৰিক ঘাটীত কৰিছিল আক্ৰমণ৷ কিন্তু তেনেতে আহিল অস্ত্ৰবিৰতিৰ খবৰ৷ পিছে তাৰ পূৰ্বে ৰাজৌৰী জিলাত প্ৰাণ হেৰুৱালে অতিৰিক্ত জিলা আয়ুক্ত ৰাজেন্দ্ৰ কুমাৰ থাপাই৷
আনুষ্ঠানিক খবৰ অনুসৰি পূৰ্বৰ স্থিতিৰ পৰা সেনা জোৱান এচুলিমানো লৰচৰ হোৱা নাই৷ যুদ্ধ বন্ধ হ’লেও তেওঁলোকে এল অ’ চিৰ প্ৰহৰী হৈ দৃঢ়তাৰে অৱস্থান কৰিছে৷ শেহতীয়া কবৰ অনুসৰি পাকিস্তানী সেনাৰ নূৰ খান নামৰ ছাউনী ভাৰতৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে৷ ৰফিক আৰু মুৰিদ চহৰত থকা ঘাটীতো পৰিছে ভাৰতীয় সেনাৰ বোমা৷ আনহাতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে টিভি চেনেলক ছাইৰেনৰ শব্দ নবজাবলৈ নিৰ্দেশ দিছে কেন্দ্ৰই৷
সঠিক সময়ত মাষ্টাৰষ্ট্ৰ’ক মাৰি চৰকাৰে সকলো পাকিস্তানী সন্ত্ৰাসবাদীৰ কূটাঘাতকে দেশৰ ওপৰত আক্ৰমণ হিচাপে অভিহিত কৰিবলৈ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিলে৷ গতিকে দেশৰ যিকোনো প্ৰান্তত সংঘটিত নৰমেধৰ দৰে অঘটনক কেন্দ্ৰই দেশক আক্ৰমণ হিচাপে অভিহিত কৰিব৷
পাকিস্তানী সেনাই পোষ্যপুত্ৰ জেহাদীয়ে কৰা নৰমেধক চৰকাৰে শত্ৰুৰ অঘোষিত যুদ্ধ বুলিয়েই গণ্য কৰিব৷ সেয়ে লগে লগে ঘোষিত হ’ব যুদ্ধ৷ পাৰস্পৰিক ক্ষতিৰ প্ৰতি লক্ষ্য নকৰি দিল্লীয়ে তাৎক্ষণিকভাৱে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিব৷ অৰ্থাৎ আক্ৰমণৰ প্ৰত্যুত্তৰত যুদ্ধৰ লেখিয়াকৈ ভাৰতীয় সেনাই পাকিস্তানৰ বিপক্ষে কৰিব অস্ত্ৰচালনা৷
যুদ্ধবিৰতিৰ প্ৰাকক্ষণত গৃহীত এই সিদ্ধান্তৰ বিষয়ে আন্ত:ৰাষ্ট্ৰীয় মহলকো অৱগত কৰোৱা হৈছে৷ অৰ্থাৎ অদূৰ ভৱিষ্যতে পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিলে যে বিশ্ব সমুদায়ৰ সংকেতলৈ ভাৰতে অপেক্ষা নকৰে সেই কথা আমেৰিকাকে প্ৰমুখ্য কৰি সকলো ৰাষ্ট্ৰকে দিল্লীয়ে জনাই দিছে৷ এই স্থিতি কূটনৈতিক দিশৰ পৰা অৰ্থৱহ হৈ পৰিছে৷
এতিয়া কেন্দ্ৰই গ্ৰহণ কৰা প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবে প্ৰত্যাক্ৰমণ কৰিবই ভাৰতে৷ আনহাতে আক্ৰমণৰ আশংকাত ভাৰতেও নিয়মীয়াকৈ ধ্বংস কৰিব পাকিস্তানস্থিত সন্ত্ৰাসবাদী শিবিৰ৷
পজিশ্যন সলনি নকৰে ভাৰতীয় সেনাই
