উৰিৰ মহিলাগৰাকীৰ নাম নাৰ্গিছ বেগম৷ তেওঁৰ ঘৰৰ কাষতে লাইন অৱ কণ্ট্ৰ’ল৷ নাৰ্গিছৰ ঘৰত চিঞৰ-বাখৰ হ’লে পাকিস্তানলৈ শুনে৷ ইমান জটিল স্থানত থাকিও অৱশ্যে শান্তিৰেই আছিল নাৰ্গিছৰ পৰিয়াল৷ কাশ্মীৰি কন্যাৰ দৰেই ৰঙা-বগা চেহেৰা নাৰ্গিছ আছিল গৰ্বিত ভাৰতীয়৷
কিন্তু নিষ্ঠুৰ পাকিস্তানীয়ে অস্ত্ৰহীন নাৰ্গিছৰ ওপৰতে বীৰত্ব দেখুৱালে৷ জীয়েকৰ বিয়াৰ বাবে বজাৰ কৰাতে নাৰ্গিছ ব্যস্ত হৈ আছিল৷ তেওঁ গোটাইছিল এপদ এপদকৈ সামগ্ৰী৷ কিন্তু কালক্ষণত পাকিস্তানী সেনাৰ বুলেটে নাৰ্গিছ বেগম বুকু ফুটাই পেলালে৷ উত্তপ্ত বুলেটে বুকু বিন্ধি প্ৰাণ কাঢ়ি নিলে নিৰীহ নাৰ্গিছৰ৷
দেশ-দুনীয়াৰ খবৰ নজনা নাৰ্গিছে দ্বিপাক্ষিক সংঘাতত প্ৰাণ হেৰুৱালে৷ তেওঁৰ ঘৰ শত্ৰুৰ গুলীয়ে ভাঙি পেলালে৷ একেসময়তে মাতৃহাৰা হ’ল নাৰ্গিছৰ জীয়েক৷
অহামাহলৈ বিয়াৰ বাবে সাজু হোৱা নাৰ্গিছৰ কন্যাই এতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে৷ প্ৰশাসনে তৎক্ষণাতে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে যদিও কান্দিবলৈ পাহৰি গৈছে বিয়াৰ বাবে সাজু কইনাজনীয়ে৷ অলেখ চেষ্টাৰ পিছত চিকিৎসকে কন্দুৱাইছে নাৰ্গিছৰ জীয়েকক৷
কাশ্মীৰি আপেলৰ দৰে ৰঙা-বগা চেহেৰাৰ যুৱতীগৰাকীয়ে পছন্দ কৰিছিল ভাবী স্বামীক৷ গতিকে মাকে কাশ্মীৰি প্ৰথা অনুসৰিয়েই চলাইছিল বিয়াৰ প্ৰস্তুতি৷ সকলো সম্বল খৰচ কৰি অহামাহত কন্যাৰ বিয়াৰ বাবে আনন্দত আত্মহাৰা হৈ আছিল নাৰ্গিছ৷ কিন্তু শত্ৰুৰ নিষ্ঠুৰতাই শেষ কৰি পেলালে এখন ঘৰ৷
উস… নাৰ্গিছৰ জীয়েকক যুদ্ধ নালাগে৷ তেওঁক লাগে শান্তি৷
নাৰ্গিছৰ কন্যাৰ অহামাহলৈ বিয়া
