ইন্দিৰাকো ধমক দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

ইন্দিৰা গান্ধীয়ে কিন্তু মোদীৰ দৰে পাকিস্তানক ৱাক অভাৰ দিয়া নাছিল৷ তেতিয়াও ইন্দিৰাই যুদ্ধবিৰতি কৰাহ’লে বাংলাদেশৰ জন্মই অসম্ভৱ আছিল৷
১৯৭১ চনত যেতিয়া পাকিস্তানে চকুৰে ধোঁৱাকোৱা দেখিছিল, তেতিয়াও যুদ্ধবিৰতিৰ আবেদন কৰিছিল৷ চীন আৰু আমেৰিকাৰ হাতে-ভৰিয়ে ধৰিছিল পাকিস্তানে৷ দুয়োখন দেশে পাকিস্তানৰ কথা মানিও লৈছিল৷ সেয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অস্ত্ৰবিৰতিৰ প্ৰস্তাৱ উত্থাপন কৰিছিল৷
পৰিস্থিতিয়ে যে তেনে মোৰ ল’ব সেই কথাৰ উমান পাইছিল ইন্দিৰা গান্ধীয়ে৷ সেয়ে তেওঁ পূৰ্বেই ছোভিয়েট ইউনিয়নৰ সৈতে মৈত্ৰী চুক্তি কৰি ৰাখিছিল৷
সেয়ে অস্ত্ৰবিৰতিৰ বিৰোধিতা কৰি ছোভিয়েট ইউনিয়নে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভেটো প্ৰয়োগ কৰিলে৷ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ সমৰ্থনত থিয় হ’ল অখণ্ড ছোভিয়েট ইউনিয়ন৷
তেতিয়াও কিন্তু দেশৰ অভ্যন্তৰীণ পৰিস্থিতি একেই আছিল৷ এচাম লোকে পাকিস্তানক আক্ৰমণৰ বিৰোধিতা কৰিছিল৷ ইন্দিৰা গান্ধীৰ বিৰুদ্ধেও উত্থাপিত হৈছিল মানৱাধিকাৰ ভংগৰ অভিযোগ৷
কিন্তু ইন্দিৰাই কাৰোৰে কথা নুশুনিলে৷ ছোভিয়েট ইউনিয়নৰ সমৰ্থনক ভিত্তি কৰি ইন্দিৰাই চলাই গ’ল যুদ্ধ৷ ফলত যুদ্ধত পৰাজিত হৈ পাকিস্তানৰ ৯৩ হাজাৰ জোৱানে শেষত আত্মসমৰ্পণ কৰিবলগীয়া হ’ল৷
যদি মোদীৰ দৰে ইন্দিৰাও ট্ৰাম্পৰ প্ৰস্তাৱত সন্মত হ’লহেঁতেন তেন্তে পাকিস্তান এখনেই হৈ থকাটো নিশ্চিত আছিল৷ কিন্তু ইন্দিৰাৰ সাহসীকতাৰ বাবেই পৃথক বাংলাদেশৰ জন্ম হ’ল৷
কিন্তু মোদীৰ ইমান সহাস নাই৷ সেয়ে ট্ৰাম্পৰ কথামতে বন্ধ কৰি দিলে যুদ্ধ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial