ৰাস্তাতে কাজিয়া লাগি ভাঙি দিলে মূৰ

ভাৰতে ধ্বংস কৰাৰ পূৰ্বেই বিধ্বস্ত হ’ব পাকিস্তান৷ বেলুচ বিদ্ৰোহীয়ে পাকিস্তানী সেনাক উলংগ হ’বলৈ বাধ্য কৰোৱাৰ সময়ত গৃহযুদ্ধই পাকিস্তান ধ্বংস কৰিব৷ ভাৰতৰ সৈতে যুঁজিবলৈ পাকিস্তানী সেনাই হুংকাৰ দিছে৷ কিন্তু একেসময়তে চাৰিওদিশৰ পৰা শত্ৰুৱে আগুৰি ধৰিছে দেশখন৷
এফালে তালিবানে হাৰাশাস্তি কৰিছে পাক সেনাক৷ শেহতীয়াকৈ ৫০ পাকিস্তানী জোৱানক বন্দী কৰি পেণ্ট খুলিবলৈ বাধ্য কৰিছে তালিবানে৷ ৱাজিৰিস্তানত তেহৰিক ই তালিবানে সেনাৰ সৰ্বনাশ কৰিছে৷ বন্দী কৰা জোৱানক উলংগ কৰি ফটো প্ৰচাৰ কৰিছে তালিবানে৷
একেসময়তে সিন্ধ আৰু পঞ্জাব প্ৰদেশত লাগিছে পানীৰ বাবে যুদ্ধ৷ ফলত সিন্ধৰ লক্ষাধিক লোকে আকৌ আন্দোলন কৰিছে৷ পাকিস্তান চৰকাৰে বিগত সময়ত চলিস্তান কেনেল প্ৰকল্প ঘোষণা কৰিছিল৷ যাৰ দ্বাৰা সিন্ধু নৈৰ পানী পঞ্জাবলৈ বোৱাই নিব বুলি ঘোষণা কৰিছিল৷
কিন্তু এই প্ৰকল্প মানি লোৱা নাই সিন্ধ প্ৰদেশৰ জনতাই৷ তেওঁলোকে পথত আন্দোলন আৰম্ভ কৰিছে৷ আনকি সেনাৰ বাহনো ৰখাই দিছে সিন্ধ প্ৰদেশৰ জনতাই৷ পঞ্জাবৰ দিশে আগুৱাই গৈ মাৰপিটত লিপ্ত হৈছে নাগৰিক৷ এনেসময়তে আকৌ সাজু হৈছে সিন্ধৰ এটা উগ্ৰপন্থী সংগঠন৷
সেইটো সংগঠনে স্বাধীন সিন্ধুদেশৰ দাবী উত্থাপন কৰিছে৷ তেওঁলোকে পাকিস্তানী সেনাৰ বিৰোধিতা কৰিছে৷ গতিকে পথত ৰখাই দিছে পাক সেনাৰ বাহন৷
সেয়ে ভাৰতে ধ্বংস কৰাৰ পূৰ্বেই বিধ্বস্ত হোৱাৰ উপক্ৰম হৈছে পাকিস্তান৷ ইফালে বেলুচ, মাজত সিন্ধ আৰু সিমূৰে তালিবানে চেঁপা মাৰি ধৰিছে পাকিস্তানক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial