দৃশ্যটো এবাৰ চাওকচোন
যুদ্ধ-বিগ্ৰহৰ কথা পাহৰি এই দৃশ্যটো চাওক
মন ভৰি যোৱাটো খাটাং
অৱশ্যে প্ৰেমাস্পদৰ নাম আৰু ঠিকনা আমি সঠিককৈ ক’ব নোৱাৰোঁ৷ অৱশ্যে পৃথিৱীক আওকাণ কৰি নিজৰ মাজতে মগ্ন প্ৰেমাস্পদে দেখোন কৈছেই-
প্ৰেম এনেকুৱাই অ’…
প্ৰেম কেনেকুৱা সেয়া অৱশ্যে আজিলৈ কোনেও ডাঠি ক’ব পৰা নাই৷ কাৰোবাৰ মতে প্ৰেম নৈৰ দৰে, আন কাৰোবাৰ মতে আকৌ প্ৰেম অটব্য অৰণ্যৰ দৰে ৰহস্যময়৷
প্ৰেম সৰ্বনাম নে বিশেষণ তাক লৈয়ো চলিয়েই থাকে যুগমীয়া কন্দল৷ বিজয়ী কোনো নহয়৷ সৰ্বদা হৈ থাকে যুঁজখন অমীমাংসিত৷ কিন্তু আমি আজি মোখনি মাৰিবলৈ ওলাইছোঁ এই দীঘলীয়া কন্দলৰ৷
ক’বলৈ ওলাইছোঁ- প্ৰেম তিনিচকীয়া গাড়ীৰ বিকট শব্দকো আওকাণ কৰি নিজৰ মাজতে মগ্ন হৈ থকা প্ৰেমাস্পদৰ দৰেই৷ অৱশ্যেই মাৰ্চিডিজ ভাল, কিন্তু প্ৰণয়ৰ শক্তিয়ে টেম্পোকো মাৰ্চিডিজৰ দৰেই কৰি তুলিব পাৰে৷
প্ৰেম কৰিবলৈ শক্তি নালাগে৷ লাগে মাত্ৰ মৰম…
প্ৰেমময় হওক পৃথিৱী, বন্ধ হওক যুদ্ধ
