কোন আছিল এই জগদীশ ভট্টাচাৰ্য

তেওঁ আছিল যুদ্ধত ফাইটাৰ জেটেৰে বোমা পেলোৱা আৰু ডগ ফাইটত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া পাইলট৷ যি ১৯৬৫ আৰু ১৯৭১ ৰ যুদ্ধত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া বৈমানিক৷ তেওঁ পাকিস্তানৰ পৰা ৩ দিন ৩ ৰাতিৰ বাটেৰে তাৱিৰ বৰফ শীতল পানীত সাঁতুৰি ভাৰত পাইছিলহি।
তেওঁ চলাইছিল সকলো যুঁজাৰু আৰু বোমাৰু বিমান৷ বিশেষকৈ ছুখয়-৭ ফাইটাৰ জেট৷ যিখনক দুৰ্ঘটনা প্ৰৱণতাৰ বাবে নাম দিয়া হৈছিল দ্য ফাল্য়িং কফিন৷
নাম তেওঁৰ জগদীশ ভট্টাচাৰ্য৷ ১৯৬৫ চনৰ যুদ্ধত ভট্টাচাৰ্যই ভাৰতীয় বায়ুসেনাৰ স্কোৱাড্ৰন লীডাৰ হিচাপে অংশগ্ৰহণ কৰিছিল৷ কিন্তু ১৯৭১ চনত তেওঁ সন্মুখীন হৈছিল অগ্নিপৰীক্ষাৰ৷ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ। তেতিয়াৰ খবৰ কাগজত ওলাল-কেবাবাৰো শত্ৰুৰ ওপৰত বোমা বৰ্ষণ কৰি ঘূৰি আহোঁতে উৰন্ত কফিন বুলি খ্যাত ছুখয়-৭ৰ চালক স্কোৱাড্ৰন লীডাৰ জগদীশ ভট্টাচাৰ্য ভূপতিত হ’ল৷ বিমানখন পাকিস্তানী যুজাৰু বিমানে আক্ৰমণ কৰিলে৷ পিচে এক ৰোমাঞ্চকৰ কাহিনীৰ অন্তত, কেইবাদিনো যাত্ৰা কৰি পাকিস্থান সীমান্ত অতিক্ৰমী জগদীশ ভট্টাচাৰ্য জীৱন্তে ভাৰতত প্ৰৱেশ কৰিছিল। এতিয়া ভাৰত-পাকিস্তানৰ যুদ্ধসদৃশ পৰিৱেশৰ সময়ত বায়ুসেনাই দেশক ৰক্ষা কৰিছে৷ আকৌ জগদীশ ভট্টাচাৰ্যৰ দৰে যোদ্ধাই কৰিছে মৰণপণ যুঁজ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial