ৰাজস্থানত আৰম্ভ হৈছে বিযাৰ বতৰ
গ্ৰীষ্মপ্ৰবাহ সামান্য কমি থকা সময়ত বিবাহত আবদ্ধ হৈছে ৰাজস্থানী যুৱক-যুৱতী৷ কিন্তু সংকটৰ সময়ত তেওঁলোকৰ বিয়াত হৈছে সমস্যা৷ ইমানবোৰ আয়োজন কৰিও আন্ধাৰে-মুন্ধাৰেই বিয়া পাতিবলগীয়া হৈছে ৰাজস্থানীয়ে৷ লাইট নজ্বলোৱাকৈ কইনাক ঘৰ সুমুৱাবলগীয়া হৈছে দৰাই৷
পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্ণ প্ৰভাৱ পৰিছে ৰাজস্থানত৷ শত্ৰুৰ আক্ৰমণৰ শংকাত ৰাজস্থানৰ ৮০ শতাংশ এলেকাতে ব্লেক আউট কৰা হৈছে৷ ৰাস্তাৰ লাইটপৰ্যন্ত নুমুৱাই দিছে প্ৰশাসনে৷
গতিকে স্বাভাৱিকতে বিয়াঘৰৰ আতচবাজীও কৰি দিয়া হৈছে বন্ধ৷ ৰাইজে ব্লেক আউটৰ সময়ত সহায় কৰিছে৷ কিন্তু হৈছে হাৰাশাস্তি৷ ৰাজস্থানী নিয়ম অনুসৰি দৰাই ঘোঁৰাত উঠি কইনা ঘৰলৈ যায়৷ গতিকে এছোৱা পথত লাগে পোহৰৰ ব্যৱস্থা৷ কিন্তু ব্লেক আউটৰ বাবে গাড়ীৰ লাইট জ্বলোৱাৰো অনুমতি দিয়া নাই প্ৰশাসনে৷
সেয়ে খেপিয়াই খেপিয়াই কইনাৰ শিৰত সেন্দূৰ দিবলগীয়া হৈছে দৰাই৷ আন্ধাৰত নিজৰ কইনাকো নেদেখা দৰাই বিচাৰি ফুৰিছে কঁপাল৷ ফটোগ্ৰাফাৰে চাকিৰ পোহৰতে তুলিছে বিয়াৰ ফটো৷
দেশৰ বাবে এই কষ্ট তথাপি ৰাইজে মানি লৈছে৷ তেওঁলোকে আয়োজন কৰিও সীমিতভাৱে অনুষ্ঠিত কৰিছে বিবাহ৷ কমসংখ্যক লোকৰ উপস্থিতিত বিয়া পাতিছে ৰাজস্থানীয়ে৷ অপাৰেশ্যন সিন্দূৰৰ ফলত সেন্দূৰ দিয়াত হৈছে মহা সমস্যা৷
অপাৰেশ্যন সিন্দূৰৰ ফলত সেন্দূৰ দিয়াত সমস্যা
