ভাৰতে এফালে মৰণাঘাত কৰিছে, কিন্তু সিফালে ভাঙি টকুৰা-টুকুৰ হৈছে পাকিস্তান৷ ছেগ বুজি বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে নমাই দিছে পাকিস্তানী পতাকা৷ তাৰ ঠাইত নিজা পতাকা উত্তোলন কৰিছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে৷
বেলুচ লিবাৰেশ্যন আৰ্মীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰিবলৈ পাকিস্তানী সেনাই চেষ্টা চলাইছে৷ কিন্তু খবৰ অনুসৰি কুৱেট্টা চহৰো দখল কৰিছে উগ্ৰপন্থী সংগঠনটোৱে৷ বেলুচিস্তান স্বাধীন কৰা বুলি দখল কৰি তেওঁলোকে কুৱেট্টাত আধিপত্য বিস্তাৰ কৰিছে৷
কেৱল সেয়াই নহয়, বেলুচ লিবাৰেশ্যন আৰ্মীয়ে দেশ স্বাধীন হোৱা বুলি ঘোষণা কৰিছে৷ তেওঁলোকে দিল্লীত স্থাপন কৰিছে নিজা দূতাৱাস৷ পাকিস্তানৰ পৰা পৃথক হৈ কূটনৈতিক কাৰ্যালয় দিল্লীত স্থাপন কৰিছে৷ ৰাষ্ট্ৰসংঘৰ ওচৰতো স্বাধীন দেশৰ মৰ্যাদাৰ বাবে জনাইছে আবেদন৷
এই ঘটনাক্ৰম পাকিস্তানৰ বাবে বিপজ্জনক হৈ পৰিছে৷ বৰ্তমান অভ্যন্তৰীণ সংকটে জুৰুলা কৰিছে পাকিস্তানক৷ দেশখনৰে সংবাদ পত্ৰৰ খবৰ অনুসৰি কুৱেট্টাত বৰ্তমান সেনা অস্তিত্বহীন হৈ পৰিছে৷ চহৰখন সম্পূৰ্ণ দখল কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে৷
একেদৰে পঞ্জাব সিন্ধু প্ৰদেশতো উত্তাল হৈ পৰিছে পৰিস্থিতি৷ স্বাধীন সিন্ধুদেশ বিচাৰি জনতাই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে৷ সহস্ৰাধিক গাড়ী অৱৰোধ কৰি তাণ্ডৱৰ সূচনা কৰিছ সিন্ধু প্ৰদেশৰ উগ্ৰপন্থীয়ে৷
স্বাধীন বেলুচিস্তানৰ ঘোষণাৰে উত্তোলন কৰিলে পতাকা
