নাৰায়ণ দাস ওৰফে নাৰুৰ খবৰ আপোনালোকে শুনিছেই
এইটো পাষণ্ডয়েই কুকুৰক নিৰ্যাতন কৰি গ্ৰেপ্তাৰ হৈছিল৷ মৰিগাঁৱৰ নাৰায়ণ ওৰফে নাৰুৱে পোহনীয়া লেব্ৰাডৰজনীক চলাইছিল আতিশয্য৷ অমাত জীৱকো অত্যাচাৰ কৰা লম্পট নাৰুৰ বিৰুদ্ধে অৱশ্যে আগতেও এনে অভিযোগ উঠিছিল৷ এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাতো ধৰা পৰিছিল নাৰু৷
কিন্তু এই নাৰায়ণক আগতে অসম গৌৰৱ সন্মান বঁটাৰে সন্মানিত কৰা হৈছিল৷ বিশিষ্ট ব্যৱসায়ী হিচাপে লোকজনক প্ৰদান কৰা হৈছিল বঁটা৷ অসম গৌৰৱ সন্মান নাৰুৱে আনন্দ মনেৰে গ্ৰহণো কৰিছিল৷
মৰিগাঁৱৰ নাৰু আছিল ধনৱান ব্যক্তি৷ সেয়ে লম্পট হ’লেও বঁটা দিবলৈ হেতা-ওপৰা লাগিছিল কেবাটাও সংগঠনৰ৷ মোটা অংকৰ ধনৰ বিনিময়ত নাৰুক বাৰম্বাৰ বঁটাৰে সন্মানিত কৰা হৈছিল৷
২০২২ চনত সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ অসমে নাৰুক দিছিল অসম গৌৰৱ সন্মান বঁটা৷ সন্মান প্ৰদান কৰি দিয়া বঁটা নাৰুক প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু সমাজৰ্মী বুলি উল্লেখ কৰা হৈছিল৷
সেইটো সংগঠনৰে মুখ্য পৃষ্ঠপোষক হৈছে কেবিনেট মন্ত্ৰী যোগেন মহন৷ মুখ্য উপদেষ্টা হৈছে আকৌ প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ৷
কিন্তু মন্ত্ৰীৰ সংগঠনৰ পৰা বঁটা লৈ কুকুৰ নিৰ্যাতনৰ কে’ছত ফচিল নাৰুৰূপী নাৰায়ণ৷ এতিয়া জে’লত আছে অসম গৌৰৱ সন্মান নাৰু৷
কুকুৰ নিৰ্যাতনকাৰীক সন্মানিত কৰিছিল মন্ত্ৰীৰ সংগঠনে
