তেতিয়া জিন্না আৰু নেহৰুৰ মাজত তেতিয়া অসমক লৈ দৰদাম চলি আছিল৷ পূব পাকিস্তান, অ্থাৎ আজিৰ বাংলাদেশৰ লগত অসমক চামিল কৰাৰ উদ্দেশ্যে চলিছিল আলোচনা৷ তেতিয়াই এজন সাহসী অসমীয়া নেতাই টেবুলত ভুকু মাৰি সদম্ভে কৈছিল-
দৰকাৰ হলে অসম অকলে থাকিব
কিন্তু পাকিস্তানৰ লগত নাথাকে
স্বদেশ-স্বজাতিৰ হিতাৰ্থে তেওঁৰ টেবলত ভুকু মাৰি কথা কোৱাৰ দুৰ্বাৰ সাহস দেখি থৰ হৈ গৈছিল জিন্না আৰু নেহৰু৷ এইজন সাহসী অসমীয়া আন কোনো নহয়
অসমৰ জননেতা ভীমবৰ দেউৰী
স্বদেশ-স্বজাতিৰ প্ৰতি থকা অপৰিসীম ভালপোৱাৰ স্বাভিমানী বীৰত্বৰে ৰঞ্জিত ভীমবৰ দেউৰীয়ে দিল্লীত মহম্মদ আলি জিন্নাক লগ ধৰিছিল৷
তেওঁ জিন্নাক কৈছিল- অসম দেশ ব্ৰিটিছ অহাৰ আগতে ভাৰতৰ ভিতৰুৱা নাছিল
আমি আগৰে পৰা স্বাধীন আছিলোঁ
এতিয়া পূব বংগৰ খেতিয়কক মাটি দিয়াৰ অজুহাতেৰে অসম পাকিস্তানৰ অংগ হ’ব নোৱাৰে।
মুছলমান ৰজা আৰু মোগল সম্ৰাটে সোতৰবাৰকৈ আক্রমণ কৰিও অসম দেশ অধিকাৰ কৰিব নোৱাৰিলে। এতিয়া আপুনি কলমৰ আগত কেনেকৈ অসম ল’ব?
অসমখন হিন্দু বা মুছলমানৰ নহয়, এইখন ট্রাইবেলৰ দেশ।
গতিকে অসম কাৰ লগত থাকিব সেই সিদ্ধান্ত অসমবাসীয়ে ল’ব। আপোনাৰ দুৰাশা পৰিত্যাগ কৰক। আমাৰ দেহত এটোপাল তেজ থকালৈকে আমি যুঁজ দিম।
তাৰ পিছতে পিছুৱাই যাবলৈ বাধ্য হৈছিল মহম্মদ আলি জিন্না৷ যদি গোপীনাথ বৰদলৈৰ সৈতে মিলি ভীমবৰ দেউৰীয়ে যুদ্ধ নকৰিলেহেঁতেন তেন্তে আজি অসমো বাংলাদেশৰে অন্তৰ্ভুক্ত হোৱাটো খাটাং আছিল৷
দৰকাৰ হ’লে অসম অকলে থাকিব…
