ভৱিষ্যতে চিনেমা বনাব, সেয়ে অপাৰেশ্যন সিন্দূৰৰ ট্ৰেডমাৰ্ক পঞ্জীয়নৰ বাবে দৌৰা-দৌৰি কৰিছে মুকেশ আম্বানিয়ে৷ দেশৰ সংকটৰ সময়ত ব্যৱসায়িক লাভৰ বাবেহে বেছিকৈ চিন্তা কৰিছে আম্বানিয়ে৷
চৰকাৰীভাৱে অপাৰেশ্যন সিন্দূৰ ঘোষণা কৰাৰ পিছতে ভৱিষ্যতে চিনেমা নিৰ্মাণৰ কথা ভাবিছে এচাম লোকে৷ কিন্তু তাৰ বাবে ট্ৰেডমাৰ্ক পঞ্জীয়ন কৰাটো জৰুৰী৷ অন্যথা অপাৰেশ্যন সিন্দূৰ নাম আৰু প্ৰতীক ব্যৱহাৰ কৰিবলৈ কোনেও অনুমতি নাপাব৷
ভৱিষ্যতে যাতে নামটো ব্যৱহাৰৰ অনুমতি লাভ কৰে তাৰ বাবে ট্ৰেডমাৰ্ক ৰেজিষ্টাৰ কৰিবলৈ কেবাজনো লোকে আবেদন কৰিছে৷ এইসকলৰ ভিতৰত অন্যতম হৈছে মুকেশ আম্বানি৷ মুম্বাইৰে মুকেশ চিতৰাম আগৰৱালা নামৰ লোকজনেও বিচাৰিছে অপাৰেশ্যন সিন্দূৰৰ ট্ৰেডমাৰ্ক৷
গ্ৰুপ কেপ্টেইন কমল সিং অবেৰয় আৰু অধিবক্তা আলোক কোথাৰিও আবেদনকাৰীৰ তালিকাত আছে৷ দেশৰ সংকটৰ সময়ত তেওঁলোকে ব্যৱসায়িক মুনাফা আদায়ৰ বাবেহে চিন্তা কৰিছে৷ সেয়ে আনে কৰাৰ আগতেই অপাৰেশ্যন সিন্দূৰৰ ট্ৰেডমাৰ্ক বিচাৰি আবেদন কৰিছে৷
এইসকলে ট্ৰেডমাৰ্ক লাভ কৰিলে ভৱিষ্যতে কোটি কোটি টকা উপাৰ্জন কৰিব৷ তেওঁলোকৰই পৰা অপাৰেশ্যন সিন্দূৰৰ নামটো ক্ৰয় কৰিব লাগিব চিনেমা নিৰ্মাতাই৷
ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যনৰ বাবে ৰিলায়েন্সৰ দৌৰা-ঢপৰা
