হঠাতে ছুটী কেন্সেল, উভতিছে সৈনিক

ততালিকে দেশৰ সকলো জোৱানৰ ছুটী বাতিল কৰা হৈছে৷ গতিকে ৰে’লত নোহোৱা হৈছে ছিট৷ সেনাৰ উপৰি অৰ্ধ-সেনাৰ জোৱানসকলকো খৰখেদাকৈ ৰিপ’ৰ্ট কৰিবলৈ দিয়া হৈছে নিৰ্দেশ৷ সেয়ে ঘৰৰ পৰা ততালিকে তেওঁলোকে ৰাওনা হৈছে কৰ্তব্যৰ স্থানলৈ৷ কেবাজনো জোৱানক আকৌ হেড কোৱাৰ্টাৰলৈ তলব কৰা হৈছে৷
অসমৰ শতাধিক জোৱানে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে এমাহৰ ছুটীত ঘৰলৈ আহিছিল৷ ইয়াৰে ৭০ জন সৈনিক হৈছে সেনা বাহিনীৰ৷ কিন্তু যুদ্ধৰ আশংকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক ততালিকে মাতি পঠিওৱা হৈছে৷ কৰ্তব্যৰ স্থানৰ সলনি হেড কোৱাৰ্টাৰত ৰিপ’ৰ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে জোৱানসকলক৷
তেওঁলোকক উভতি যাবলৈ মাত্ৰ এদিন সময় দিয়া হৈছে৷ ২৪ ঘণ্টাৰ জাননীৰ ভিতৰতে ৰে’লত উঠিবলৈ নিৰ্দেশ দিয়া হৈছে জোৱানসকলক৷ পাকিস্তানক প্ৰত্যাঘাত সৈনাৰ পূৰ্ণ প্ৰস্তুতিৰ সময়ত ওভতাই নিয়া হৈছে সকলো সৈনিকক৷
একেদৰে অৰ্ধ-সামৰিক বাহিনীৰ জোৱানসকলকো তাৎক্ষণিকভাৱে উভতি যাবলৈ দিয়া হৈছে নিৰ্দেশ৷ তেওঁলোকক ততালিকে নিৰ্দিষ্ট কেম্পত ৰিপ’ৰ্ট কৰিবলৈ কৰ্তৃপক্ষই নিৰ্দেশ দিছে৷ কিন্তু সমস্যাৰ সৃষ্টি হৈছে ৰে’ল টিকটৰ বাবে৷
কিয়নো হঠাতকে লক্ষাধিক সৈনিকৰ যাত্ৰাৰ ফলত দেশৰ ৰে’লত ৰিজাৰ্ভেশ্যন নোহোৱা হৈছে৷ সাধাৰণ যাত্ৰীৰ বাবে ৰে’লত নোহোৱা হৈছে আসন৷ বহু ভিতৰুৱা ঠাইৰ ঘৰত থকা জোৱানে ততালিকে উভতিবলৈ ব্যৱস্থা কৰিব পৰা নাই৷
ৰিজাৰ্ভেশ্যন নথকাৰ বাবে হাৰাশাস্তিৰ মাজেৰে কৰ্তব্যস্থলীলৈ উভতিবলগীয়া হৈছে জোৱানসকল৷ গতিকে কিছুদিনলৈ সাধাৰণ লোকে ৰে’লযাত্ৰা বন্ধ ৰখাটোৱেই হ’ব উচিত সিদ্ধান্ত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial