মাজনিশা পাকিস্তানত পেলোৱা স্কালপ আৰু হেমাৰ কি?

ৰাফেল জেটত মাজনিশা কৰ্নেল ছ’ফিয়া কুৰেছীয়ে কঢ়িয়াই নিছিল স্কালপ মিছাইল৷ লগতে পাশুপাত হিচাপে আছিল হেমাৰ বোমা৷ তেওঁৰ পিছে পিছে শত্ৰুদেশলৈ অগ্ৰসৰ হৈছিল ব্যমিকা সিং৷ অৱশ্যে অভিযানত যে কেৱল ৰাফেইলেই ব্যৱহাৰ কৰা হৈছিল তেনে নহয়, মিৰাজ আৰু ছুখয়েৰেও পাকিস্তানত প্ৰৱেশ কৰিছিল সৈনিকে৷ ১৪ দিনীয়া প্ৰস্তুতিৰ পিছত তেওঁলোকে সীমা অতিক্ৰম কৰিছিল৷ পাক অধিকৃত কাশ্মীৰৰ উপৰি বাহাৱলপুৰৰ মৰ্কজ ছুবান আল্লাহত থকা লস্কৰ ই-তৈবাৰ শিবিৰ আছিল প্ৰাথমিক লক্ষ্য৷
একেসময়তে শিয়ালকোটকে ধৰি কেবাটাও স্থান আছিল অপাৰেশ্যন সিন্দূৰৰ টাৰ্গেট৷ যথাক্ৰমে কৰ্নেল ছ’ফিয়া আৰু উইং কমাণ্ডাৰ ব্যমিকাৰ নেতৃত্বত আগবাঢ়ি গ’ল ফাইঠাৰ জেট৷ পাকিস্তানী প্ৰত্যক্ষদৰ্শীয়েই স্বীকাৰ কৰিলে
প্ৰথমে কেৱল এখন ড্ৰ’ন আহিছিল
কিন্তু ক্ষণিকতে আৰম্ভ হৈ গ’ল বোমাবৰ্ষণ
এই অভিযানত ভাৰতে ব্যৱহাৰ কৰা স্কালপ মিছাইল হৈছে আকাশৰ পৰা নিক্ষেপ কৰিব পৰা দীৰ্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্ৰ৷ যাৰ ওজন হৈছে ১৩০০ কিলোগ্ৰাম৷ স্কালপ মিছাইলৰ ৱাৰহেডৰ ওজন ৪৫০ কিলোগ্ৰাম৷
ছাবছনিক স্পীডত আকাশত উৰি থকা জেটৰ পৰাও স্কালপ নিক্ষেপ কৰাটো সম্ভৱ৷ সেয়ে ক্ষিপ্ৰ অভিযানৰ বাবে এইবিধ মিছাইল ব্যৱহাৰ কৰা হৈছিল৷
হাতুৰীৰ দৰে শত্ৰুক আঘাত কৰা হেমাৰ মিছাইল হৈছে হ্ৰস্ব দূৰত্বভেদী৷ ৭০ কিলোমিটাৰ দূৰত্ব ভেদ কৰিব পৰা মিছাইলবিধে নিক্ষেপৰ পিছত হাতুৰীৰ আকাৰ ধাৰণ কৰে৷ ১২৫ৰ পৰা সৰ্বাধিক ১,০০০ কিলোগ্ৰাম বিস্ফোৰক একেবাৰতে হেমাৰে নিক্ষেপ কৰে৷
সেয়ে থিতাতে তছনছ হৈ গ’ল মৌলানা মাছুদ আজহাৰৰ ঘৰ৷ পৰিয়ালৰ সকলোকে হেৰুৱাই বিশ্বত্ৰাস সন্ত্ৰাসবাদীয়ে স্বীকাৰ কৰিবলৈ বাধ্য হ’ল
ময়ো মৰা হ’লেই ভাল আছিল…

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial