চহৰ থাকিব, মানুহ নাথাকে
গাজা থাকিব, মুছলমান নাথাকে
বৃহত্তৰ ইহুদী ৰাষ্ট্ৰ গঠনৰ উদ্দেশ্যে গাজা দখল কৰিব আক্ৰমণকাৰীয়ে৷ কিন্তু এজনো মুছলমানক দখলীকৃত ভূমিত থাকিবলৈ নিদিয়ে৷ গাজাৰ জনতাক জৰ্দানলৈ খেদি দিব সেনাই৷
ইহুদীসকলৰ বাবে বিশাল ৰাষ্ট্ৰ গঠনৰ পৰিকল্পনাৰে এই ঘোষণা কৰিছে বেঞ্জামিন নেটান্যেহুৱে৷ ইহুদী দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে- হামাছক বিনাশ কৰি সম্পূৰ্ণ গাজাতে সেনাই দখল স্যবস্ত কৰিব৷ অৱশ্যে ২০ বছৰ পূৰ্বে ইজৰাইলৰে দখলত আছিল চহৰখন৷
কিন্তু চৰ্তভিত্তিক ভাৱে গাজা এৰি দিছিল ইহুদী সেনাই৷ ২০০৫ চনত গাজাৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছিল৷ কিন্তু সম্প্ৰতি দেশৰ সীমা পৰিবৰ্ধনৰ বাবে নিৰাপত্তা পৰিষদে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছে৷
তদানুসৰি সেনাই গাজাত অভিযান কৰি তুলিব তীব্ৰতৰ৷ তাত থকা মুছলমান জনতাৰো ঘৰ উচ্ছেদ কৰা হ’ব৷ সকলোকে জৰ্দানৰ দিশে খেদি পঠিয়াব সেনাই৷ তাৰ পিছতে ইহুদী দেশৰ সীমা বহলোৱা হ’ব৷
গাজা হৈ পৰিব বৃহত্তৰ ইহুদী দেশৰ অংশ৷ বিগত সময়ত ৰাষ্ট্ৰসংঘয়ো গাজাক ইজৰাইলৰ অধিকৃত অংশ বুলি স্বীকৃতি দিছিল৷ তাত আছিল ইহুদী সেনা৷ কিন্তু চৰ্ত অনুসৰি ইজৰাইলৰ সেনা গাজাৰ পৰা পিছুৱাই গৈছিল৷ এইবাৰ আকৌ তাত বাহৰ পাতিবলৈ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যেহুৱে লৈছে কঠোৰ সিদ্ধান্ত৷
সকলো মুছলমানক খেদি চহৰ দখল
