ছবছৰৰ পূৰ্বে বালাকোটৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ৰ কথা৷ আক্ৰমণৰ আগনিশা চৰকাৰী সভাত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷ তেওঁৰ সৈতেই আছিল NSA অজিত ডোভাল৷ কালিও পৰিস্থিতি একেই আছিল৷ PMOত ডোভালৰ সৈতে বহিছিল মোদী৷ কিন্তু সততে সকলো খবৰ দিয়া চৰকাৰী সূত্ৰৰ হাততো নাছিল মোদী আৰু ডোভালৰ আলোচনাৰ তথ্য৷
অপাৰেশ্যন সিন্দূৰৰ সময়তো ডোভালেই পালন কৰিলে গুৰুদায়িত্ব৷ কালি নিশা প্ৰধানমন্ত্ৰী সাৰে থাকিল৷ তেওঁৰ সৈতে অহৰহ সংযোগ ৰক্ষা কৰি বিশ্বাসী লেফটেনেণ্ট অজিত ডোভালে৷ কিন্তু তেওঁলোকৰ বাদে তিনিও সেনাৰ মুৰব্বী আৰু চীফ অৱ ডিফেন্স ষ্টাফৰ বাহিৰে এজনো মন্ত্ৰীয়ে এই আক্ৰমণৰ কথা৷
আজি প্ৰকাশিত খবৰ অনুসৰি স্থলসেনাৰ হেড কোৱাৰ্টাৰৰ পৰা অভিযানৰ তত্ত্বাৱধান কৰিছিল ডোভালে৷ তেওঁৰ সৈতে হটলাইনত সংযুক্ত হৈ আছিল প্ৰধানমন্ত্ৰী৷
চীফ অৱ ডিফেন্স ষ্টাফ অনিল চৌহানে সমস্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰিছিল৷ পাকিস্তানত ২৩ মিনিটজোৰা অভিযানৰ সময়ত তেৱেঁই নিয়োজিত সৈনিকক দি আছিল কমাণ্ড৷ ড্ৰ’নৰ জৰিয়তে নিৰ্ধাৰিত লোকেশ্যনত সন্ত্ৰাসবাদীৰ অৱস্থান নিশ্চিত কৰাৰ লগে লগে পেলাই দিয়া হৈছিল স্কালপ আৰু হেমাৰ মিছাইল৷
এই অভিযানত পাকিস্তানৰ ক্ষতি হোৱা নাই বুলি দেশখনে দাবী কৰিছিল৷ কিন্তু বাহাৱলপুৰৰ স্থানীয় নাগৰিকে দেখুৱাই দিছে ধ্বংস হোৱা মৰ্কজ ছুভান আল্লাহৰ ছবি৷
একেদৰে ৰাৱালকোট, কোটলি আদিৰো ধ্বংসস্তূপৰ ফটো গ্ৰহণ কৰিছে কৃত্ৰিম উপগ্ৰহই৷ এই অভিযানৰ জৰিয়তে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতি স্পষ্ট কৰিলে ভাৰতে৷ এতিয়া অৱশিষ্ট দায়িত্ব বিশ্বৰ হাতত এৰি দিলে দিল্লীয়ে৷
ক’ত বোমা পেলাবলৈ কৈছিল CDS অনিল চৌহানে
