CAP- পুত্ৰৰ ৯১ ৰানৰ ইনিংছ দেখিয়েই জীয়াই আছে পিতৃ
হাতত বেট লৈ ক্ৰীজত আছে পুত্ৰ৷ প্ৰতিমুহূৰ্ততে তেওঁলৈ প্ৰতিপক্ষৰ বলাৰে নিক্ষেপ কৰিছে গুলীৰ দৰে দ্ৰতবেগী বল৷
কিন্তু তেতিয়াও চিৰিং চিৰিঙকৈ ঘৰলৈ মনত পৰিছে প্ৰভছিমৰন সিং নামৰ ২৪ বছৰীয়া যুৱকজনৰ৷ প্ৰভছিমৰনে জানে- দৰ্শকে নাজানে তেওঁৰ ঘৰৰ কথা, দৰ্শকে কেৱল জানে প্ৰভছিমৰন নামৰ খেলুৱৈজনৰ বেটেৰে ওলোৱা অভাৰ বাউণ্ডেৰীৰৰ কথাহে৷
গতিকে ক্ষণিকৰ বাবে প্ৰভছিমৰনে পাহৰিবলৈ চেষ্টা কৰিছে ঘৰত থকা ৰুগীয়া পিতৃৰ কথা৷ যি প্ৰাণৰ বাবে কৰি আছে সংগ্ৰাম৷
দলক জিকাবলৈ পুত্ৰই বলাৰৰ বিপক্ষে যিমানে যুদ্ধ কৰিছে, সিমানে নিয়তিৰ সৈতে সংগ্ৰামত লিপ্ত হৈছে পিতৃ৷ পঞ্জাব কিংছৰ কুমলীয়া খেলুৱৈজনে লক্ষ্ণৌৰ বিৰুদ্ধে মেচত কৰিছে ৯১ ৰান৷ একেৰাহে তিনিখন মেচত অৰ্ধ-শতকো কৰিছে তেওঁ৷ কিন্তু ঘৰত নিয়তিৰ সৈতে যুদ্ধ কৰি আছে দেউতাক সুৰজিতে৷
প্ৰভছিমৰনৰ পিতৃৰ দুয়োটা কিডনীয়েই বিকল হৈ পৰিছে৷ সেয়ে সপ্তাহত তিনিবাৰ ডায়েলাইছিছ কৰাৰ বিকল্প নাই৷ কিন্তু অচেতন অৱস্থাত হ’লেও পিতৃয়ে চাইছে পুত্ৰৰ মেচ৷ প্ৰভছিমৰনৰ বেটিঙৰ প্ৰশংসা শুনিয়েই যেন সুস্থ হৈ পৰিছে পিতৃ৷
প্ৰতিখন মেচতে পুত্ৰই অৰ্জন কৰা কৃতিত্বই দেউতাকক সঞ্জীৱনী প্ৰদান কৰিছে৷ তেওঁ দেখিছে বিশ্বই পুত্ৰক দিয়া সন্মান৷
শৰীৰৰ কষ্ট সহ্য কৰি লোকজনে চাইছে পঞ্জাব কিংছৰ অপেনাৰ পুত্ৰৰ বেটিং বিক্ৰম৷ ডায়েলাইছিছ কৰাৰ পিছত পুত্ৰৰ মেচ চাবলৈয়েই জীয়াই আছে লোকজন৷
দেউতাকক জীয়াই ৰাখিবলৈয়েই সদায় ভাল খেলিছে প্ৰভছিমৰনে৷ তেওঁৰ স্বাৰ্থ হৈছে পিতৃৰ আৰোগ্য৷ সেয়ে সৰ্বস্ব উজাৰি তেওঁ চলাইছে বেট৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial