মোক লালকিল্লাটো লাগে
লালকিল্লা আমাৰ পৰিয়ালৰহে
ছুপ্ৰিম ক’ৰ্টত এই দাবী উত্থাপন কৰিলে এগৰাকী মহিলাই৷ নাম তেওঁৰ চুলতানা বেগম৷ মহিলাগৰাকীয়ে লালকিল্লাৰ মালিকীস্বত্ত্ব দাবী কৰাৰ অৱশ্যে কাৰণো আছে৷
তেওঁ হৈছে অন্তিমজন মোগল বাদশ্বাহ বাহাদুৰ শ্বাহ জাফৰৰ পৰিনাতি৷ মোগল ৰাজবংশৰ বংশধৰ হিচাপে তেৱেঁই জীয়াই আছে৷ পশ্চিমবংগৰ হাওৰানিৱাসী চুলতানাই অতিশয় দৰিদ্ৰতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছে৷ সেয়ে চৰকাৰৰ পৰা ওভতাই বিচাৰিছে আজোককাকৰ সম্পত্তি৷
মোগল শাসকে নিৰ্মাণ কৰা লালকিল্লা চিপাহী বিদ্ৰোহপৰ্যন্ত বাহাদুৰ শ্বাহ জাফৰৰ দখলতে আছিল৷ কিন্তু ১৮৫৭ চনত বিদ্ৰোহীয়ে বাহৰ পতাৰ বাবে লালকিল্লা ব্ৰিটিছে দখল কৰিছিল৷ তেতিয়াৰ পৰা ৰাষ্ট্ৰীয় সম্পত্তি হৈ আছে এই ঐতিহাসিক দুৰ্গ৷
কিন্তু বৰ্তমান দৰিদ্ৰতা নিবাৰণৰ বাবে লালকিল্লাৰ মালিকীস্বত্ত্ব ঘূৰাই বিচাৰিছে মোগল ৰাজবংশৰ উত্তৰাধিকাৰীয়ে৷ কিন্তু এই আবেদন পঢ়িয়েই স্তম্ভিত হৈ পৰিল ছুপ্ৰিম ক’ৰ্টৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ কুমাৰ খান্না৷ তেওঁ সুধিলে
অকল লালকিল্লাটো কিয় লাগে?
লাগে যদি তাজমহলৰো মালিকীস্বত্ত্ব দাবী কৰক
তদুপৰি প্ৰাচীন ফতেহপুৰ ছিক্ৰীৰ মালিকীস্বত্ত্বও দাবী কৰিব পাৰে
সেই কথা শুনি আবেদন প্ৰত্যাহাৰ কৰিলে মোগল ৰাজবংশৰ উত্তৰাধিকাৰী চুলতানা বেগমে৷ অৱশ্যে তেওঁ পূৰ্বে দিল্লী হাইক’ৰ্টতো অনুৰূপ দাবী তুলিছিল৷ সেইবাৰো খাৰিজ হৈছিল তেওঁৰ আবেদন৷
লালকিল্লাৰ অধিকাৰ দাবী কৰিলে মুছলমান মহিলাই
