অপাৰেশ্যন সিন্দূৰৰ কথা ব্যাখ্যা কৰিলে কৰ্নেল ছ’ফিয়া কুৰেছী আৰু উইং কমাণ্ডাৰ ব্যমিকা সিঙে৷ ভাৰতীয় মহিলাৰ সেন্দূৰ মচা নৰমেধৰ প্ৰত্যুত্তৰত ২৫ মিনিটৰ ভিতৰত ২৪টা বোমা নিক্ষেপ কৰা অভিযানৰ বিতং বিৱৰণ কৰা দুই বিষয়াৰ পৰিয়ালৰ সৈতে আছে সামৰিক বাহিনীৰ সুদীৰ্ঘ সম্পৰ্ক৷
কৰ্নেল ছ’ফিয়া কুৰেছী হৈছে গুজৰাটী৷ তেওঁ কলেজত আছিল বায়’কেমেষ্ট্ৰীৰ ছাত্ৰী৷ ছ’ফিয়াৰ পৰিয়ালৰ প্ৰতিটো প্ৰজন্ম সেনা বাহিনীৰ সৈতে জড়িত৷ তেওঁৰ আজোককাক আছিল সেনাৰ উচ্চ পদাধিকাৰী৷
ছ’ফিয়া কুৰেছীৰ স্বামী হৈছে সামৰিক বাহিনীৰ ইনফেণ্ট্ৰী অফিচাৰ৷ তেওঁ ১৯৯৯ চনত সেনাত ভৰ্তি হৈছিল৷ তেতিয়াৰ পৰা সামৰিক বাহিনীৰ কেবাটাও কঠিন অপাৰেশ্যনত ছ’ফিয়াই অংশগ্ৰহণ কৰিছে৷ আছিয়ান দেশসমূহৰ সৈতে অনুষ্ঠিত এক্সাৰছাইজ ফ’ৰ্চ-এইটটিন নামৰ অভিযানত ভাৰতক ছ’ফিয়াই নেতৃত্ব প্ৰদান কৰিছিল৷
উইং কমাণ্ডাৰ ব্যমিকা শৈশৱতে আছিল NCCৰ কেডেট৷ তেওঁ চেতক আৰু চিতা ফাইটাৰ জেটৰ অভিজ্ঞ পাইলট৷ ভাৰতে বিদেশত চলোৱা উদ্ধাৰ অভিযানত ব্যমিকা আছিল অভিজ্ঞ যোদ্ধা৷
তেওঁলোকেই পাকিস্তানৰ বাহাৱলপুৰত নিক্ষেপ কৰিলে কেবাটাও বোমা৷ ভাৰতত চলোৱা নৰমেধৰ প্ৰতিধোশ লৈ মৌলানা মাছুদ আজহাৰৰ পৰিয়ালৰ সৰ্বনাশ কৰিলে দুই মহিলা সৈনিকে৷ তেওঁলোকেই সংবাদ মাধ্যমৰ সন্মুখত বৰ্ণনা কৰিলে মাজনিশাৰ অভিযানৰ সবিশেষ৷
মাজনিশাৰ যোদ্ধাই প্ৰকাশ কৰিলে সবিশেষ
