ফোপোলা চকীত মেৰ বান্ধি আছে সাপে

বহাৰ আগতে চকীখন ভালকৈ চাই ল’ব৷ চকীৰ খুটাৰ ভিতৰত সোমাই থাকিব পাৰে ৰাছেল ভাইপাৰ৷ বিষ দংশনৰ পৰা ৰক্ষা পাবলৈ সেয়ে চকীখন পৰীক্ষা কৰিব৷
গ্ৰীষ্ম অহাৰ লগে লগে ৰাজ্যত বাঢ়িছে সাপৰ আতংক৷ কিন্তু প্লাষ্টিকৰ নতুন ডিজাইনৰ চকী হৈ পৰিছে আতংকৰ কাৰণ৷ এইপৰ্যন্ত আমি তিনি ঠাইত চকীৰ ভিতৰত সোমাই থকা সাপে মানুহক দংশন কৰাৰ বাতৰি লাভ কৰিছোঁ৷ আজিও তিনিচুকীয়াত চকীৰ খুঁটাত সোমাই থকা ফেটীসাপ উদ্ধাৰ কৰা হৈছে৷
তেজপুৰৰ বিহগুৰিতো একেদৰে সোমাই আছিল এডাল ৰাছেল ভাইপাৰ৷
বৰ্তমান বজাৰত উপলব্ধ হৈছে এবিধ বিশেষ ধৰণৰ প্লাষ্টিকৰ চকী৷ এই চকীখনৰ খুঁটাটো ফোপোলা৷ দাম কম হোৱাৰ বাবে চকীখনৰ বিক্ৰী অসমত বাঢ়িছে৷
কিন্তু গৰমকালি চকীখনৰ ফোপোলা খুঁটাত সোমাইছে সাপ৷ ওপৰৰ পৰা সোমাই যোৱা সাপে খুঁটাৰ ভিতৰতে মেৰ বান্ধি থাকে৷ সেয়ে হঠাতে চকীত বহি নিদিব৷
তিনিচুকীয়াৰ এগৰাকী মহিলাই প্ৰকাশ কৰা অনুসৰি তেওঁ ঘৰৰ ভিতৰৰ চকীতে দেখিছিল মেৰ পাতি থকা এডাল বিষাক্ত ফেটী৷ কিন্তু বঙাইগাঁৱত চকীৰ ফোপোলা খুঁটাত সোমাই থকা অবিষাক্ত সৰ্পই দংশন কৰিছে এগৰাকী মহিলাক৷
এই চকীখন হৈ পৰিছে বিপদৰ কাৰণ৷ বিশেষকৈ গ্ৰীষ্মকালি সেইখন চকী বাহিৰত ব্যৱহাৰ নকৰিব৷ অন্যথা কিন্তু ঘৰলৈ সোমাই যাব বিষাক্ত সাপ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial