স্বয়ং নৰেন্দ্ৰ মোদীয়েই নাম দিছিল অপাৰেশ্যন সিন্দুৰৰ
তিনি সেনাধ্যক্ষৰে হোৱা আলোচনাত এই নামটোৰ প্ৰস্তাৱ দিছিল প্ৰধানমন্ত্ৰীয়ে। স্থল, জল আৰু বায়ুসেনাৰ মুৰব্বীয়ে তৎক্ষণাতে প্ৰধানমন্ত্ৰীৰ নামত সন্মতি দিছিল।
মাত্ৰ ২৩ মিনিটতে সন্ত্ৰাসবাদী আন্তঃগাঁথনি তচনছ কৰা ভাৰতক চীনে প্ৰতিৰোধ কৰিব বুলি ভাবিছিল পাকিস্তানে৷ সেয়ে নিৰ্ভয়ে আছিল মাছুদ আজহাৰ৷ কাৰণ পাকিস্তানে ব্যৱহাৰ কৰিছিল চীনৰ এয়াৰ ডিফেন্স ছিষ্টেম৷
এই ব্যৱস্থাৰ জৰিয়তে সীমান্ত অতিক্ৰমী ফাইটাৰ জেট সোমালেই কণ্ট্ৰ’ল ৰূমে খবৰ লাভ কৰে৷ কিন্তু ৰাডাৰত ধৰা নপৰা ভাৰতৰ ষ্টীলথ জেটে পাক অধিকৃত কাশ্মীৰৰ উপৰি ৰাৱালকোট, বাহাৱলপুৰ আদিতো মিছাইল নিক্ষেপ কৰাটোও ধৰিব নোৱাৰিলে চীনা সুৰক্ষা ব্যৱস্থাই৷
সেয়ে শুই থাকোতেই ছাই হৈ গ’ল শতাধিক সন্ত্ৰাসবাদী৷ আত্মৰক্ষাৰ বাবে সুযোগ নোপোৱাকৈ মাছুদ আজহাৰৰ পৰিয়ালৰ সৰ্বনাশ হৈ গ’ল৷
পাকিস্তানৰ মুজাফৰাবাদ, কোটলি, ৰাৱালকোটকে ধৰি সন্ত্ৰাসবাদীৰ ৯টা ঘাটী ধ্বংস কৰা অপাৰেশ্যন সিন্দূৰ আছিল সৰ্বাধুনিক৷ এই অভিযানৰ অৰ্থে প্ৰায় ১০০ কোটি টকা খৰচ কৰা হৈছিল৷
কামিকেজ ড্ৰ’নৰ ব্যৱহাৰ কৰি সামৰিক বাহিনীয়ে আগতেই চিনাক্ত কৰিছিল লক্ষ্য৷ পিছে শতাধিকৰ হত্যাৰ পিছতো সামৰিক অভিযান যে বাহাল থাকিব তাৰ ইংগিত দিছে সেনাই৷
প্ৰাক্তন স্থল সেনাধ্যক্ষ মনোজ নাৰাৱানেৰ মতে এয়া হৈছে কেৱল ট্ৰেইলাৰ৷ অনাগত সময়ত আকৌ ভাৰতে পাকিস্তানত চলাব ছাৰ্জিকেল ষ্ট্ৰাইক৷ আনহাতে অভিযানৰ প্ৰমাণ বিচৰাৰ দাবীৰ বাবে এইবাৰ সেনাই ব্যৱহাৰ কৰিলে বিশেষ ড্ৰ’ন৷
নিশা পাকিস্তানত বিকল হৈ গ’ল চাইনীজ ডিফেন্স ছিষ্টেম
