অসমীয়াৰ থাকিবলৈ ঠায়েই নাই

এফালে হাতী, আনফালে বাঘ, কাষতে বান্দৰ
মাজতে আছে অসমীয়া
হাবি ভাঙি ঘৰ সজাৰ বিষম পৰিণাম সম্প্ৰতি ভোগ কৰিবলগীয়া হৈছে অসমৰ ৰাইজে৷ যোৰহাটৰ দুঠাইত কেবাদিনো ত্ৰাসৰ সৃষ্টি কৰি অৱশেষত পিঞ্জৰাত বন্দী হৈছে দুটা নাহৰফুটুকী৷ কিন্তু মৰঙিত ২৪ ঘণ্টাৰ ভিতৰতে হাতীয়ে থেকেচি মাৰিছে দুজন লোকক৷
পুলিবৰ থানাৰ এলেকাভুক্ত পশ্চিম যোৰহাটৰ বৰখঙীয়া আৰু চামগুৰিত এটা মতা আৰু নাহৰফুটুকীয়ে কেবাদিনো গোহালিৰ পৰা গৰু টানি নিছিল৷ পথাৰত চৰি ফুৰা গৰু-ছাগলী খাই ত্ৰাসৰ সৃষ্টি কৰিছে এটা বাঘে৷ পিছলৈ লগতে এজনী বাঘিনীও থকা বুলি বন বিভাগে নিশ্চিত কৰে৷
একেসময়তে গোলাঘাটৰ মৰঙিত হাতীয়ে দুজন লোকৰ প্ৰাণ কাঢ়িছে৷ পাৰ্বতীপুৰ গিদীবস্তিত বিনোদ মাঝি নামৰ লোকজনক হাতীয়ে গচকি পেলাইছিল৷ তাৰ পিছতে এখন বাগিচাৰ চকীদাৰকো আচাৰি হত্যা কৰিলে বনৰীয়া হাতীয়ে৷
শিৱসাগৰত বান্দৰৰ উৎপাতত থাকিব নোৱাৰা হৈছে মানুহ৷ জতকীয়া নাথ গাঁৱত বান্দৰ মাৰিবলৈ লগোৱা তাঁৰ স্পৰ্শ কৰি জুৰি নাথ নামৰ মহিলা এগৰাকীয়ে প্ৰাণ হেৰুৱাইছে৷ গাঁৱখনত বান্দৰৰ সংখ্যা মানুহৰ তুলনাত কেবাগুণো বেছি৷
বাঘ, হাতী আৰু বান্দৰৰ চক্ৰবেহুত আবদ্ধ অসমীয়া অথৰ্ব হৈ পৰিছে৷ যদি বন্যপ্ৰাণী পৰা সুৰক্ষাৰ বাবে চৰকাৰে ব্যৱস্থা নলয় তেন্তে কেবাখনো ঠাই বাসৰ অনুপযোগী হৈ পৰিব৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial