NEETত সৰ্বকালৰ ভিতৰতে কঠিন পেপাৰ

যেন ছাত্ৰ-ছাত্ৰৰ বিৰুদ্ধে প্ৰতিশোধহে ল’লে নেশ্যনেল টেষ্টিং এজেন্সীয়ে৷ যোৱাবছৰ নীটৰ নামত বহুখিনি গণ্ডগোল হ’ল৷ এইবাৰ কিন্তু NEETৰ প্ৰশ্নকাকত ইতিহাসৰ ভিতৰতে কঠিনকৈ কাটিলে নেশ্যনেল টেষ্টিং এজেন্সীয়ে৷ কান্দি-কান্দি পৰীক্ষাগৃহৰ পৰা ওলাল শিক্ষাৰ্থী৷
যোৱাবাৰ জালিয়াতি কৰা ধৰাৰ পৰাৰ পিছত বিষয়টো ছুপ্ৰিম ক’ৰ্ট পাইছিলগৈ৷ এইবাৰ সেয়ে অধিক কঠোৰতাৰে ৩৬ বছৰৰ ভিতৰত টান প্ৰশ্নকাকতেৰে অনুষ্ঠিত হ’ল NEET৷
পৰীক্ষাগৃহত সোমোৱাৰ পৰা শিক্ষাৰ্থীক নজৰ ৰখা হ’ল৷ আনকি প্ৰস্ৰাৱ কৰিবলৈয়ো অকলে যোৱাৰ অনুমতি দিয়া নহ’ল শিক্ষাৰ্থীক৷ নেশ্যনেল টেষ্টিং এজেন্সীৰ নিৰ্দেশ অনুসৰি নিৰীক্ষকে বাথৰূমলৈ নিবলগীয়া হ’ল পৰীক্ষাৰ্থীক৷
কিন্তু পদাৰ্থ বিজ্ঞানৰ প্ৰশ্ন জোখতকৈ অধিক কঠিন বুলি শিক্ষাসদী মহলে প্ৰকাশ কৰিছে৷ শিক্ষাৰ্থীয়ে আশা নকৰা ধৰণেৰে প্ৰশ্ন কটাৰ ফলত কন্দা-কটা লাগিছে পৰীক্ষাগৃহত৷
NEETৰ ইতিহাসত ২০১১ আৰু ২০১৬ চনৰে প্ৰশ্নকাকত সবাতোকৈ কঠিন আছিল৷ এইবাৰ কিন্তু সেই অভিলেখ ভংগ হৈ গ’ল৷
অসমৰ শিক্ষাৰ্থীয়ে এইবাৰ NEETত সৰহীয়াকৈ সফলতা লাভ কৰাৰো আশা নাই৷ কঠিন প্ৰশ্নকাকতে ভংগ কৰিলে বহুতৰে সপোন৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial