সিন্ধু নৈত বান্ধ সাজিলে ভাৰত আক্ৰমণ কৰিব পাকিস্তানে

মহাভাৰতৰ যুদ্ধত একেলগে ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰি পৃথিৱী ধ্বংস কৰিবলৈ ওলাইছিল অৰ্জুন আৰু অশ্বত্থমাই৷ কিন্তু জ্ঞানী অৰ্জুনে বিষম ভৱিষ্যতৰ উমান পাই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগৰ পৰা নিজকে বাৰণ কৰিলে৷ পিছে সেইটোৱেই নুবুজিলে অশ্বত্থমাই৷ অৰ্জুনৰ বীৰত্বৰ কথা নাজানি অশ্বত্থমাই কৰা ভুলৰ বাবে স্বয়ং শ্ৰীকৃষ্ণই উত্তৰাৰ গৰ্ভৰক্ষা কৰিবলগীয়া হৈছিল৷ ফলত জন্ম হৈছিল পৰীক্ষিতৰ৷
ভাৰত-পাকিস্তানৰ যুদ্ধৰ আশংকাৰ সময়তো যেন মহাভাৰতৰ পৰিস্থিতিৰেই পুনৰাবৃত্তি হৈছে৷ ভাৰতে শত্ৰুপক্ষৰ ভাণ্ডাৰত থকা আণৱিক অস্ত্ৰৰ বাবে ভয় কৰা নাই৷ কিন্তু মহাভাৰতৰ যুদ্ধত অশ্বত্থমাই কৰা ভুলো কৰিব বিচৰা নাই ভাৰতে৷
সেয়ে বৈৰী প্ৰতিৱেশীৰ বিৰুদ্ধে ৰণনিনাদৰ পৰা বিৰত আছে ভাৰতীয় সেনা৷ পূৰ্বে ইতিমধ্যে একেটা ভুল কৰি পাকিস্তানে দেশৰ এছোৱা হেৰুৱাইছে৷ তথাপি মূৰ্খৰ দৰে এইবাৰো গুজৰি আছে৷ ইয়াৰ মাজতে ভয়ত বিতত পাকিস্তানে ৰাৱালপিণ্ডিত বজাইছে বিপদকালীন ছাইৰেন৷ য়ুদ্ধৰ সূচনা হ’লে কৰিবলগীয়া উদ্ধাৰকাৰ্যৰ বিষয়ে অসামৰিক জনতাক প্ৰশিক্ষণ দিয়া হৈছে৷
যুদ্ধৰ প্ৰস্তুতি কিন্তু চলাই আছে ভাৰতে৷ লঘু টেংক জোৰাৱৰৰ সফল পৰীক্ষা কৰিছে সেনাই৷ সীমান্তলৈ আগুৱাই নিয়া হৈছে ৪০ খন টেংক৷
আনহাতে ভাৰতে সিন্ধু নৈৰ সুতি সলোৱাৰ উদ্দেশ্যে মৰা বান্ধত আক্ৰমণৰ ঘোষণা কৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আছিফে৷ স্বদেশত সন্ত্ৰাসবাদী প্ৰতিপালিত হয় বুলি স্বীকাৰ কৰা আছিফৰ মতে ভাৰতে যিকোনো স্থায়ী আন্ত:গাঁথনি নিৰ্মাণ কৰিলে পাকিস্তানে আক্ৰমণ কৰিব৷ শক্তি প্ৰয়োগ কৰি ভাঙি পেলাব বান্ধ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial