মিঞা নাথাকিলে খাব লাগিব খালী ভাত!

ভাত কেৰেলা ১৪০ টকা৷ তিতাকেৰেলা ১২০ টকা৷ নেমু যোৰা ৩০ টকা৷
কি খাৱ খা
জহাভোলৰো কেজি ৮০ টকালৈ বাঢ়িল৷
বজাৰত এনে এবিধ বস্তু নাই, যাৰ দাম ৫০ টকাতকৈ কম৷
অসমৰ গ্ৰামাঞ্চলৰ বজাৰত একো পাচলিয়েই দৰিদ্ৰ ৰাইজে কিনিব পৰা হৈ থকা নাই৷ বেঙেনা পৰা ধনীয়াকৈ সকলোৰে চৰা দামে দহিছে ৰাইজক৷
বজাৰলৈ সোমালেই অগ্নিপিণ্ডত সোমোৱাৰ দৰে অৱস্থা হৈছে৷ কিন্তু মিঞা অধ্যুষিত এলেকাত পাচলিৰ দাম আচৰিতভাৱে কম৷ উজনিত যিহেতু মিঞাৰ সংখ্যা কম সেয়ে পাচলিৰ দাম বেছি৷
খাৰুপেটীয়াৰ তুলনাত ডিব্ৰুগড়ৰ বজাৰত প্ৰতিবিধ সামগ্ৰীৰে দাম অত্যন্ত বেছি৷ বিলাহীৰ দাম এতিয়াও ঠায়ে ঠায়ে ২০ টকাৰ পৰা কমা নাই৷ এজাক বৰষুণে গছ মাৰি পেলোৱাৰ ফলত দাম আকৌ বাঢ়িছে৷
অগতিৰ গতি হৈছে চালানী মাছ৷ ফৰ্মেলিনৰ ভয় পাহৰি কেঁকোৰাচেঁপা খোৱা ৰাইজে ৫০ টকাত এপোৱা চালানী মাছ ক্ৰয় কৰি মাছ ভাতেই খাইছে৷ তথাপি কিনিবলৈ সাহস কৰা নাই পাচলি৷
কিন্তু নগাঁও আৰু সমীপৱৰ্তী জিলাত পাচলিৰ দাম কম৷ কাৰণ তাত আছে মিঞা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial