বক্ষপ্ৰদেশৰ আকাৰ ঠিক কৰিবলৈ মিঞা সুন্দৰীৰ অপাৰেশ্যন

স্তনৰ আকাৰ বঢ়োৱাৰ অস্ত্ৰোপচাৰ কৰিছে মিঞা মহিলাই৷ গুৱাহাটী নিৱাসী চহকী পৰিয়ালৰ যুৱতীয়ে সঘনাই কৰিছে ব্ৰিষ্ট ইমপ্লাণ্ট ছাৰ্জাৰী৷ ৪ৰ পৰা ৬ লাখটকা খৰচ কৰি তেওঁলোকে সৰু স্তনৰ আকাৰ বৃদ্ধি কৰিছে৷ বুকু নিপোটল কৰিবলৈ ছাৰ্জাৰী কৰাসকলৰ ভিতৰত ৮০ শতাংশই হৈছে মিঞা যুৱতী৷
গুৱাহাটীৰ এজন চিকিৎসকে গোপনীয়তাৰ চৰ্তত প্ৰকাশ কৰা মতে মিঞা যুৱতীয়ে বক্ষৰ আকাৰ ডাঙৰ কৰিবলৈ বৰ্তমান ইচ্ছা কৰিছে৷ তেওঁলোকৰ ঘৰ আকৌ বৰপেটা অথবা মানকাচৰত৷ কৰ্মসূত্ৰে যুৱতীসকল গুৱাহাটীত থাকে৷ তেওঁলোকে স্তনৰ আকাৰ বৃদ্ধিৰ বাবে লাখ লাখ টকা খৰচ কৰিছে৷
গুৱাহাটীৰ ভাৰাঘৰত থাকি বিলাসী জীৱন কটোৱা মিঞা যুৱতীসকল স্তনৰ আকাৰক লৈ সুখী নহয়৷ সৰুতে যতনৰ অভাৱত শৰীৰে পুষ্টি লাভ নকৰা বুলি তেওঁলোকে চিকিৎসকৰ ওচৰত দুখ কৰে৷ সেয়ে স্তনো বিকাশ নহ’ল বুলি প্ৰকাশ কৰে মিঞা যুৱতীয়ে৷ গতিকে ভৰ যৌৱনকালত অপাৰেশ্যন কৰি স্তনৰ আকাৰ ডাঙৰ কৰিছে মিঞা সুন্দৰীয়ে৷
তেওঁলোকে গুৱাহাটীৰ বিশেষকৈ দুখন হস্পিতেলত ব্ৰিষ্ট ইমপ্লাণ্ট ছাৰ্জাৰী কৰিছে৷ গুৱাহাটীত এই অস্ত্ৰোপচাৰৰ বাবে সৰ্বাধিক ১০ লাখলৈ টকা খৰচ হয়৷ অৱশ্যে মিঞা যুৱতীয়ে ৬ লাখ টকাতে নিজৰ স্তন কৰি তুলিছে নিপোটল আৰু সুদৌল৷
চিকিৎসকজনে প্ৰকাশ কৰা অনুসৰি অপাৰেশ্যনৰ বিষয়ে ঘৰতো খবৰ নিদিয়ে গুৱাহাটীত কাম কৰা মিঞা সুন্দৰীয়ে৷ তেওঁলোকে গোপনে কৰে ব্ৰিষ্ট ইমপ্লাণ্ট ছাৰ্জাৰী৷ স্তনৰ আকাৰ বঢ়োৱাৰ বাবে যন্ত্ৰণা সহিবলৈয়ো মিঞা যুৱতীয়ে ভয় নকৰে৷ এইসকল যুৱতীৰ কিন্তু নাই বিশেষ কৰ্ম সংস্থাপন৷ তথাপি তেওঁলোকে স্তনৰ আকাৰ ডাঙৰ কৰিবলৈ খৰচ কৰিছে লাখ লাখ টকা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial