পঢ়া-শুনাতকৈ নিৰ্বাচন বেছি দৰকাৰী৷ গতিকে প্ৰশাসনে নিৰ্বাচনৰ বাবে অধিগ্ৰহণ কৰিছে স্কুলবাছ৷ আগতে কেতিয়াও নোহোৱা-নোপোজা কাম কৰি নিৰ্বাচন পাতিছে ৰাজ্যৰ প্ৰশাসনে৷
পূৰ্বেও নিৰ্বাচনৰ সময়ত প্ৰশাসনে ব্যক্তিগত গাড়ী অধিগ্ৰহণ কৰিছিল৷ কিন্তু স্কুলবাছত দখল স্যবস্ত কৰা নাছিল৷ কিন্তু এইবাৰ সেইফেৰা কামো অসমৰ চৰকাৰী প্ৰশাসন-তন্ত্ৰই কৰি পেলালে৷
নিৰ্বাচনৰ দিনটোত স্থানীয় বন্ধ ঘোষণাৰ বাবে সচৰাচৰ চৰকাৰী স্কুল বন্ধ থাকে৷ কিন্তু পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে সেই কথাটো মানি ল’ব নোৱাৰি৷ কিয়নো কেবাখনো জিলাত পঞ্চায়ত নিৰ্বাচনৰ সময়ত কাষৰে নগৰাঞ্চলত ব্যক্তিগত স্কুল বন্ধ ৰখাৰ কোনো যুক্তি নাই৷
তথাপি স্কুলবাছ অধিগ্ৰহণ কৰাৰ বাবে নগৰীয়া এলেকাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো নিৰ্বাচনৰ প্ৰভাৱ পৰিল৷ ডিব্ৰুগড় চহৰৰে পৌৰ নিগমৰ অন্তৰ্গত এলেকাৰ স্কুলৰ বাছ দখল কৰি পেলালে প্ৰশাসনে৷ ফলত নিৰ্বাচন নোহোৱা ঠাইতো শিক্ষাৰ্থী স্কুললৈ যাব নোৱাৰা হ’ল৷
একেটা পৰিস্থিতিয়েই নামনি অসমত সৃষ্টি হৈছে৷ চৰকাৰী স্কুলৰ শিক্ষক যিহেতু নিৰ্বাচনী দায়িত্বত নিয়োজিত হৈছে সেয়ে বিদ্যালয় বন্ধ থকাটো স্বাভাৱিক৷ কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ো বন্ধ কৰি দিছে প্ৰশাসনে৷ পঞ্চায়তৰ দৰে সৰু নিৰ্বাচনৰ বাবেই স্কুলবাছ অধিগ্ৰহণ কৰি শিক্ষাদান বন্ধ কৰি পেলোৱা হৈছে৷
প্ৰশাসনে পুলিচৰ বাবে স্কুলবাছ ততালিকে অধিগ্ৰহণ কৰাৰ ফলত আগতীয়া জাননী অবিহনে বন্ধ কৰি দিয়া হৈছে স্কুল৷ নাম প্ৰকাশ কৰিবলৈ নিবিচৰা এখন বিদ্যালয়ৰ অধ্যক্ষই জনোৱা মতে তেওঁলোকক স্কুলবাছ অধিগ্ৰহণৰ বিষয়ে আগতে প্ৰশাসনে জনোৱা নাছিল৷ কিন্তু হঠাতে অধিগ্ৰহণ কৰাৰ বাবে বন্ধ দিবলগীয়া হ’ল বিদ্যালয়৷
নিৰ্বাচনত বন্ধ হৈ গ’ল ব্যক্তিগত বিদ্যালয়
