কাৰ ঘৰত আছে শুকুৰ আলি

বিৰাট ভয় খাইছে শুকুৰ আলিয়ে
ফোনৰ ছুইছ অফ, মানুহো বিচাৰি পাবলৈ নাই
কামাখ্যা মন্দিৰ ঔৰংগজেৱে দান দিয়া মাটিত স্থাপনৰ উদ্দাত্ত ঘোষণা কৰি শুকুৰ আলি হেৰাই গ’ল৷ কালিৰে পৰা কোনেও শুকুৰক যোগাযোগ কৰিব পৰা নাই৷ তেওঁৰ বিৰু্দ্ধে ৰুজু হোৱা গোচৰৰ কথা জনাবলৈ পুলিচেও ফোন কৰিছে৷ কিন্তু ৰিচিভ কৰা নাই শুকুৰে৷
শুকুৰ আলি নিৰুদ্দেশ হৈ আছে৷ অৱশ্যে লাচিত বৰফুকনকো ভৰ্ৎসনা কৰাৰ বাবে শুকুৰে ইতিমধ্যে ক্ষমাও খুজিছে৷ তেওঁৰ ক্ষমাভিক্ষা কিন্তু স্বীকাৰ কৰা নাই জাতীয়তাবাদী সংগঠনে৷ বিজেপিৰ হৈ উজনি-নামনিত প্ৰচাৰ চলোৱা শুকুৰৰ বিৰুদ্ধে সেয়ে গোচৰ তৰা হৈছে৷
কিন্তু শুকুৰে ভয়তে কৰিছে আত্মগোপন৷ একাংশ নেতাই উচটাই থকা শুকুৰৰ খবৰ উলিয়াব পৰা নাই আৰক্ষীয়ে৷ অসমৰ ৰাজনীতিকে চাৰ্কাছৰ দৰে কৰি পেলোৱা বহুৱা শুকুৰ ক’ত আছে কোনেও নাজানে৷
বিশেষ সূত্ৰ সদৰী কৰা অনুসৰি ধুবুৰীত শুকুৰে আত্মগোপন কৰিছে৷ তেওঁ বৰ্তমান এঘৰ আত্মীয়ৰ ঘৰত লুকাই থকাৰ সন্দেহ কৰা হৈছে৷ কিন্তু সেইখন ঘৰেও শুকুৰক শীঘ্ৰে উলিয়াই দিব বুলি প্ৰকাশ কৰিছে ঘনিষ্ঠ মহলে৷
তাৰ পিছত ছাৰেণ্ডাৰ কৰিব লাগিব শুকুৰে৷ আহোমে অসমৰ প্ৰতি কোনো অৱদান আগবঢ়োৱা নাই বুলি ঘোষণা কৰা শুকুৰে এনে কথাবোৰ কোৱাৰ আঁৰত কিন্তু আছে অশমৰ এচাম নেতা৷ তেওঁলোকে বহুৱা শুকুৰক উচটাই জোল খালে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial