পঞ্চায়ত নিৰ্বাচন শেষ হ’লেই ৰাজীৱ ভৱনত লাগিব জু*ই

পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে কংগ্ৰেছত হ’ব খহনীয়া৷ কেবাজনো উভচৰ বিধায়কে তাৎক্ষণিকভাৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিব৷ শশীকান্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই মে’ মাহতে কংগ্ৰেছ ত্যাগ কৰিব৷ দলৰ পৰা নিলম্বিত হৈ থকা দুয়োজন নেতাই লগে লগে হেৰুৱাব বিধায়ক পদ৷
কিন্তু তাৰ পিছতো দুয়োটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত নহয়৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ দুয়োটা সমষ্টি বিধায়কবিহীন হৈ থকাৰে সম্ভাৱনা বেছি৷
আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰহাৰ বিধায়ক শসীকান্ত দাসে৷ সমষ্টিত বিজেপিৰ হৈ প্ৰচাৰ চলাই থকা শশীকান্তৰ মতে তেওঁ নিজে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে৷ মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশ অনুসৰিয়েই ৰাজনৈতিক ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব৷ কিন্তু পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিজেপিত যোগ দিব বুলি শশীকান্তই ইংগিত দিছে৷ মে’ৰ ভিতৰত ৰহাবাসীয়ে ভাল খবৰ পাব বুলি ঘোষণা কৰিছে শশীকান্তই৷
তেওঁৰ এই ঘোষণাই উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকাস্থৰো স্থিতি প্ৰকাশ কৰিছে৷ কংগ্ৰেছৰ বিধায়ক হৈয়ো সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হৈ কমলাক্ষই কৰি আছে প্ৰচাৰ৷
একেদৰে থৰক-বৰক হৈ আছে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ৷ তেওঁ যদি অহা নিৰ্বাচনত ছমৰীয়া সমষ্টিৰ টিকট লাভৰ গেৰাণ্টী নাপায় তেন্তে মে’ৰ ভিতৰত বিজেপিত যোগদান কৰিব৷
অনুৰূপ পৰিস্থিতি সৃষ্টি হৈছে তিতাবৰতো৷ সমষ্টিটোৰ উভচৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱায়ো বিজেপিলৈ ভৰি মেলি আছে৷ গতিকে বিশেষ পট পৰিৱৰ্তন নহ’লে ভাস্কৰজ্যোতিয়েও শীঘ্ৰে কংগ্ৰেছ ত্যাগ কৰিব৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial