মহিলাগৰাকীৰ উপাধি গগৈ৷ তেওঁৰ দুশ্চৰিত্ৰৰ বাবে স্বামীয়ে এৰি গুচি গৈছে ঘৰ৷ তথাপি কমা নাই মহিলাগৰাকীৰ শৰীৰৰ ভোক৷ তেওঁৰ বাবে অঞ্চলটোৰ পৰিৱেশ ধ্বংস হৈছে বুলি গাঁৱবাসীয়ে বহুদিনৰ পৰা অভিযোগ কৰি আহিছে৷ কিন্তু কাৰো কথা নুশুনে গগৈ উপাধিৰ মহিলাগৰাকীয়ে৷ তেওঁৰ ঘৰত মাজনিশালৈ বহে অচিনাকী পুৰুষৰ আড্ডা৷
এইগৰাকী মহিলাৰে বহু প্ৰেমিকৰ মাজৰে এজনৰ নাম আছিল উপেন৷ কিন্তু উপেনে শেহতীয়াকৈ সৰ্বনাশ কৰিলে৷ গগৈ উপাধিৰ মহিলাগৰাকীৰ ঘৰৰ বাৰাণ্ডাতে তেওঁ দেহত্যাগ কৰিলে৷ তাৰ পিছতহে ওলাই পৰিল দুশ্চৰিত্ৰা গগৈৰ জালিয়াতিৰ কাহিনী৷
স্থানীয় লোকে অভিযোগ তুলিছে- গগৈ উপাধিৰ মহিলাগৰাকীৰ সৈতে উপেনৰ আছিল শাৰিৰীক সম্পৰ্ক৷ কিন্তু উপেনে তেওঁক বিবাহৰ বাবে ইচ্ছা কৰিছিল৷ পিছে শৰীৰৰ ভোক পূৰণ কৰিবলৈহে উপেনক ব্যৱহাৰ কৰিছিল মহিলাগৰাকীয়ে৷
গতিকে আন সংগী বিচাৰি পোৱাৰ পিছত গগৈয়ে তেওঁক পৰিত্যাগ কৰে৷ যাৰ বাবে হতাশ হৈ পৰিছিল উপেন৷ কিন্তু এই ঘটনাৰ পিছতো শান্ত হোৱা নাছিল নামনি অসমৰ মহিলাগৰাকী৷ সদায়েই তেওঁৰ ঘৰত বহিছিল অচিনাকী পুৰুষৰ আড্ডা৷ মহিলাগৰাকীৰ বেডৰূমতে সদায় হৈছিল জুৱাৰ আড্ডা৷ য’ত গোট খাইছিল এদল পুৰুষ৷
বহুগামী মহিলাগৰাকীক বহুদিনৰ পৰা সকীয়নি দিওঁ শান্ত কৰিব পৰা নাছিল স্থানীয় লোকে৷ কিন্তু উপেন-কাণ্ডৰ পিছত তেওঁক গঞাই গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে৷ মহিলাগৰাকীৰ গাঁৱত প্ৰৱেশো নিষিদ্ধ কৰা হৈছে৷ তেওঁৰ ঘৰত লগাই দিয়া হৈছে তলা৷
মহিলাগৰাকীয়ে অবাধ ব্যাভিচাৰেৰে গাঁৱখনৰ পৰিৱেশ কলুষিত কৰি পেলোৱা বুলি ৰাইজে আমাৰ ওচৰত প্ৰকাশ কৰিছে৷ সেয়ে তেওঁক গাঁৱৰ পৰা কৰা হৈছে বহিষ্কাৰ৷
দুশ্চৰিত্ৰা মহিলাই কলুষিত কৰিছে পৰিৱেশ
