গোৱেংকাই আধাতে আঁতৰাব অধিনায়ক ঋষভ পণ্টক

১ কোটিটকীয়া বৈভৱে চেঞ্চুৰী মাৰিছে৷ কিন্তু ২৭ কোটিটকীয়া ঋষভ পণ্টৰ চলিয়েই আছে ফ্লপ শ্ব৷ ১০ খন মেচত ১০ পইণ্টৰে আই পি এলৰ পইণ্ট তালিকাৰ ষষ্ঠ স্থানত ঋষভৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ৷
পাঁচখন মেচত পৰাস্ত হ’লেও লক্ষ্ণৌ আছে প্লে’অফৰ দৌৰত৷ দলে ভাল প্ৰদৰ্শন কৰিলেও ৰান খৰাং অব্যাহত আছে ২৭ কোটিটকীয়া ঋষভ পণ্টৰ৷ প্ৰতিখন মেচতে ব্যৰ্থ হৈছে পণ্ট৷
কেইদিনমান পূৰ্বলৈ পণ্টৰ ফৰ্ম চিন্তাৰ কাৰণ নহয় বুলি কৈছিল লক্ষ্ণৌৰ মেনেজমেণ্টে৷ কিন্তু শেহতীয়াকৈ ক্ৰমাগত পৰাজয়ৰ পিছত অৱশেষত মেণ্টৰ জহিৰ খানে স্বীকাৰ কৰিলে পণ্টৰ ব্যৰ্থতা যে দলৰ বাবে ভাল কথা নহয়৷
লক্ষ্ণৌৰ মেণ্টৰগৰাকীৰ মতে এজন নেতা হিচাপে পণ্টে সকলো কাম ঠিকেই কৰি আছে৷ কিন্তু এজন বেট্‌ছমেন হিচাপে পণ্ট ব্যৰ্থ৷
ক্ৰিকেট বিশ্লেষকৰ মতে ২৭ কোটিটকাৰ বোজা পণ্টে সহিব পৰা নাই৷ অধিক দামত ক্ৰয়ৰ বাবে তেওঁৰ ওপৰত ভাল প্ৰদৰ্শনৰ হেঁচা পৰিছে৷ সেয়ে প্ৰতিখন মেচতে বিফল হৈছে পণ্ট৷ ১০ খন মেচত পণ্টে স্ক’ৰ কৰিছে মাত্ৰ ১১০ ৰান৷
লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ স্বত্ত্বাধিকাৰী সঞ্জীৱ গোৱেংকায়ো সকলোৰে সন্মুখতে পণ্টক ভৰ্ৎসনা কৰিছে৷ ডাগ আউটত বহি থকা দলৰ মালিকে আউট হোৱাৰ পিছত পণ্টক গালি-গালাজ কৰাৰ ভিডিঅ’ হৈ পৰিছে ভাইৰেল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial