পাকিস্তানে আকাশ বন্ধ কৰাৰ ফলত ভাৰতৰ লোকচান হ’বই৷ পাকিস্তানৰ আকাশমাৰ্গ বন্ধ কৰাৰ ফলত এয়াৰ ইণ্ডিয়াৰে কেৱল ৬০ হাজাৰ কোটি টকা ঘাটী হ’ব৷ গতিকে প্ৰতিষ্ঠানটোক ৰাজসাহায্য দিব লাগিব কেন্দ্ৰই৷
পাকিস্তানৰ আকাশ বৰ্জনৰ ফলত দেশৰ সকলো ইউৰোপমুখী বিমানে দীৰ্ঘ পথ অতিক্ৰম কৰিব লাগিব৷ মুম্বাই অথবা দক্ষিণ ভাৰতৰ পৰা চলা বিমান অৱশ্যে এই সমস্যাৰ সন্মুখীন নহয়৷
কিন্তু উত্তৰ ভাৰতৰ পৰা উৰা বিমানে ওমানৰ মাস্কাট হৈ ইউৰোপত উপস্থিত হ’ব লাগিব৷ যাৰ বাবে অধিক ইন্ধন পুৰিব লাগিব বিমান পৰিবহণ সংস্থাই৷
সেয়ে কেবাটাও প্ৰতিষ্ঠানে ইউৰোপমুখী উৰাজাহাজৰ টিকটৰ দাম ইতিমধ্যে বৃদ্ধি কৰিছে৷ কিন্তু যাত্ৰীভাৰা বঢ়ায়েই ঘাটী পূৰণ কৰাটো এয়াৰ ইণ্ডিয়াৰ বাবে অসম্ভৱ৷ বৰ্তমান টাটা গ্ৰুপে চলাই থকা প্ৰতিষ্ঠানটোৱে ঘাটী পূৰণ কৰিবলৈ চৰকাৰে দিব লাগিব সাহায্য৷
সেয়ে এয়াৰ ইণ্ডিয়াই কেন্দ্ৰৰ ওচৰত হাত পাতিছে৷ খবৰ অনুসৰি দীঘলীয়া যাত্ৰাপথৰ বাবে এয়াৰ ইণ্ডিয়াই বছৰি ৬০ হাজাৰ কোটি টকা বেছিকৈ খৰচ কৰিব লাগিব৷
আৰব সাগৰৰ ওপৰেৰে উৰা মৰাৰ বাবে বেছিকৈ ইন্ধন খৰচ কৰিব লাগিব প্ৰতিষ্ঠানটোৱে৷ প্ৰাথমিক হিচাপ পৰীক্ষাত এয়াৰ ইণ্ডিয়াৰ বছৰি ৫৯১ নিযুত ডলাৰ লোকচান হ’ব বুলি ধাৰণা কৰা হৈছে৷ সেয়ে প্ৰতিষ্ঠানটোৱে বিচাৰিছে চৰকাৰী অৰ্থসাহায্য৷
আকাশ বন্ধ কৰি দিয়াৰ ফলত বাঢ়িল ইন্ধনৰ খৰচ
