পাকিস্তানে পৰা অস্ত্ৰভাণ্ডাৰ পঠিয়াইছে বাংলাদেশলৈ
অসমক টাৰ্গেট কৰি লৈছে পাকিস্তানে
ভাৰতৰ বাবে বিপজ্জনক হৈ পৰিছে পাকিস্তান-বাংলাদেশৰ মিত্ৰতা৷ দুয়োখন ইছলামিক দেশ মিতিৰ হৈ পৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলো সংকটৰ সন্মুখীন হৈছে৷ কাশ্মীৰ সীমান্তত তহল কটকটীয়া কৰা হৈছে৷
কিন্তু আনটো দিশৰ সোপাঢিলা অৱস্থাই অসমৰ বাবে সূচনা কৰিছে বিপদ৷ বৰ্তমান বাংলাদেশ সীমান্ত হৈয়ো সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বুলি নৰ্থব্লকত প্ৰতিবেদন দাখিল কৰিছে গুপ্তচৰে৷ সেয়ে শেষ সময়ত বাংলাদেশ সীমান্তত কঠোৰ হৈছে বি এছ এফ৷
যোৱা কিছুদিনৰ পৰা বাংলাদেশ সীমান্তত বঢ়োৱা হৈছে নিৰাপত্তা৷ অধিক পৰিমাণৰ জোৱান বি এছ এফে সীমান্তত মোতায়েন কৰিছে৷ বাংলাদেশত পাকিস্তানী শক্তিৰ সক্ৰিয়তাৰ বিষয়ে উমান দিছে চোৰাংচোৱাই৷
উত্তৰ-পূবক লক্ষ্য কৰি জেহাদীয়ে পৃথক চক্ৰান্ত ৰচনা কৰা বুলি প্ৰকাশ কৰিছে গুপ্তচৰে৷ সেয়ে ভাৰত-বাংলাদেশ সীমান্তত বঢ়োৱা হৈছে নিৰাপত্তা৷
কিছুদিন পূৰ্বে চট্টগ্ৰাম বন্দৰত ৰৈছিল এখন পাকিস্তানী জাহাজ৷ সেইখনত আই এছ আয়ে অস্ত্ৰ প্ৰেৰণ কৰা বুলিও নিৰাপত্তা বাহিনীক সতৰ্ক কৰি দিছিল চোৰাংচোৱাই৷
বাংলাদেশী চক্ৰৰ পৰাই অস্ত্ৰ সংগ্ৰহ কৰি সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰিছে জেহাদীয়ে৷ এই সকীয়নি অসমৰ উপৰি উত্তৰ-পূবৰ বাবেও হৈ পৰিছে বিপজ্জনক৷
মিজোৰামৰ পৰা মাত্ৰ ২২৫ কিলোমিটাৰ দূৰৰ চট্টগ্ৰাম বন্দৰৰ পৰাই যে ভাৰতবিৰোধী ষড়যন্ত্ৰ চলি আছে সেয়া প্ৰমাণিত কৰিছে সাম্প্ৰতিক ঘটনাপ্ৰবাহে৷
অমিত শ্বাহৰ হাতত স্পাইৰ প্ৰতিবেদন
