ডিঙিত লৈছে অসমীয়াৰ গামোচা৷ কিন্তু গাড়ীত ওলমাই লৈছে পাকিস্তানৰ পতাকা৷ এইজন যুৱকৰ নাম গুলজামান ৰহমান৷ তামুলপুৰৰ ৰাস্তাত পাকিস্তানৰ পতাকা আঁৰি লোৱা থাৰ চলাই ঘূৰি ফুৰিছে গুলজামান৷ শত্ৰুদেশ পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ২৬ ভাৰতীয়ক হত্যা কৰাৰ সময়ত পাকিস্তানৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে গুলজামানে৷
ভাৰত বিৰোধী মনোভাব প্ৰদৰ্শন কৰা গুলজামানৰ পিতৃৰ নাম মকিবুৰ ৰহমান৷ তামুলপুৰৰ শালমাৰা গাঁৱৰ গুলজামানে অসমৰ ৰাস্তাতে প্ৰদৰ্শন কৰিছে পাকিস্তানৰ পতাকা৷ ইছলামিক দেশখনৰ প্ৰতি সমৰ্থন ঘোষণা কৰি তেওঁ সদম্ভে পথত বিচৰণ কৰিছে৷
দাম্ভিক যুৱকজনে নিজৰ থাৰতৰ আগফালে আঁৰি লৈছে পাকিস্তানৰ পতাকা৷ শত্ৰুদেশৰ প্ৰতি সমৰ্থন ঘোষণাৰ বাবে ৩৭ জনক গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰো চকুত পৰা নাই গুলজামান ৰহমান৷ তেওঁ গাড়ীত পাকিস্তানৰ পতাকা লগাই লোৱাৰ পিছতো এতিয়ালৈ মুক্ত হৈয়েই আছে৷
সমগ্ৰ দেশজুৰি পাকিস্তানৰ প্ৰতি ঘৃণাৰ সময়ত অসমৰ পথত গুলজামানে নিৰ্ভীকভাৱে প্ৰদৰ্শন কৰিছে শত্ৰুদেশৰ পতাকা৷ তেওঁক তামুলপুৰ আৰক্ষীয়েও ৰহস্যজনকভাৱে ৰেহাই দিছে৷
গুলজামানে থাৰত পাকিস্তানৰ সেউজীয়া পতাকা আঁৰি থাৰত কৰিছে ষ্টাণ্ট৷ ফটোশ্বুটো কৰিছে গুলজামানে৷ ড্ৰিফট কৰি ৰখোৱা গাড়ীৰ পৰা নামি আহিছে ছানগ্লাছ পৰিহিত পাকিস্তানী সমৰ্থক গুলজামান৷
এই কথাটো আৰক্ষীৰ দৃষ্টিগোচৰ কৰোৱা হৈছে৷ কিন্তু চহকী পৰিয়ালৰ সদস্য বাবেই সম্ভৱতঃ বাছি আছে গুলজামান৷ ডিঙিত গামোচা লৈ নিজকে অসমীয়া বুজাবলৈ চেষ্টা কৰা গুলজামানে একেসময়তে প্ৰদৰ্শন কৰিছে ইছলামিক দেশৰ প্ৰতি প্ৰেম৷ পাকিস্তানক যে সমৰ্থন কৰিছে সেয়াও প্ৰকাশ কৰিছে গুলজামানে৷ পহলগামৰ নৰহত্যাৰ বাবে পাকিস্তানৰ প্ৰতি সমৰ্থন গুলজামানে কৰিছে ঘোষণা৷
পাকিস্তানৰ পতাকা লৈ অসমৰ ৰাস্তাত বীৰত্ব প্ৰদৰ্শন
