মুছলমান জোৱানৰ সৈতে মুছলমান মহিলাৰ প্ৰেম আৰু বিবাহ

কেনেকৈ পাকিস্তানী মহিলাৰ সৈতে চিনাকি হৈছিল
উত্তৰ দিব লাগিব জোৱান মুনীৰ খানে
মুনীৰ খানৰ বিৰুদ্ধে CRPFৰ তদন্ত
অৱশ্যে অন্তিম মুহূৰ্তত বাতিল হৈছে চি আৰ পি এফ জোৱান মুনীৰ খানৰ পত্নীৰ প্ৰত্যৰ্পণ৷ মুছলমান জোৱানৰ পত্নীক পাকিস্তানলৈ ঘূৰাই পঠিওৱাৰ নিৰ্দেশ ন্যায়ালয়ে খাৰিজ কৰিছে৷
বৰ্তমান কাশ্মীৰতে নিয়োজিত জোৱানজনে ৯ বছৰ পূৰ্বেই অনলাইনত মিনাল খান নামৰ পাকিস্তানী যুৱতীৰ সৈতে চিনাকি হৈছিল৷ কিন্তু ৯ বছৰে পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ মিনালে ভাৰতৰ ভিছা নাপালে৷ সেয়ে যোৱা বছৰ দুয়োৰে অনলাইন নিকাহ সম্পন্ন হয়৷ তাৰ পিছত প্ৰৱেশাধিকাৰ লাভ কৰিলে মিনালে৷
চমু ভিছাৰ জৰিয়তে যোৱা মাৰ্চত ভাৰতলৈ আহিছিল মিনাল৷ মিনালে দীৰ্ঘম্যাদী ভিছাৰ আবেদন কৰিছিল৷ কিন্তু ইতিমধ্যে উকলি গৈছিল ভিছাৰ ম্যাদ৷ তদুপৰি পহলগামৰ ঘটনাৰ বাবে ততালিকে সকলো পাকিস্তানীকে ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হৈছিল৷ সেয়ে চি আৰ পি এফ জোৱানৰ পত্নীকো পাকিস্তানীলৈ প্ৰেৰণৰ প্ৰস্তুতি আৰম্ভ হয়৷
কিন্তু শেষ মুহূৰ্তত নিম্ন আদালতে তেওঁৰ প্ৰত্যৰ্পণ খাৰিজ কৰিছে৷ কিন্তু এই ঘটনা প্ৰকাশ পোৱাৰ পিছতে মিনাল খানৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে CRPFয়ে৷ পাকিস্তানী স্পাই হিচাপে সন্দেহ কৰি তেওঁক চাকৰিৰ পৰা সাময়িকভাৱে দিয়া হ’ব ছুটী৷
বন্ধ হৈ থকা আট্টাৰী সীমান্তত বৰ্তমান মূৰ ঘূৰাই পৰিছে কেবাগৰাকী মহিলা৷ ছাইৰা নামৰ পাকিস্তানী মহিলাগৰাকী বিগত কেবাবছৰো ভাৰতৰ স্বামীগৃহত আছিল৷ কিন্তু এতিয়া তেওঁক ততালিকে স্বদেশলৈ পঠিয়াই দিয়া হৈছে৷ মহিলাগৰাকী আট্টাৰী সীমান্তত মূৰ ঘূৰাই অচেতন হৈ পৰা বাবে বিপদত পৰিছে বি এছ এফ৷ অৱশ্যে প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁকো দেশলৈ ঘূৰাই পঠিওৱা হৈছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial