খেলিব নোৱাৰা ক্ৰিকেটাৰৰ সংখ্যা কিয় বাঢ়িছে

প্লে’অফত প্ৰৱেশ প্ৰায় নিশ্চিত হৈছে পঞ্জাব কিংছৰ৷ কিন্তু IPLত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে দলটো৷ IPLৰ পৰা বাহিৰ হৈছে অষ্ট্ৰেলিয়ান তাৰকা গ্লেন মেক্সৱেল৷
চেন্নাইৰ বিৰুদ্ধে মেচখনতো আঘাতৰ বাবে মেক্সৱেলে খেলিব পৰা নাছিল৷ তেওঁৰ হাতৰ আঙুলি দুঠাইত ভাঙিছে
মেচৰ পূৰ্বে অনুশীলনত এই দূৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে৷ প্ৰশিক্ষক ৰিকি পণ্টিঙেও মেক্সৱেলৰ আঘাতৰ কথাটো মানি লৈছে৷
একেদৰে আঘাতৰ বাবে সমস্যাত পৰিছে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ান্‌ছ৷ মুম্বাইৰ সংগ এৰিছে যুৱ তাৰকা ভিগনেশ পুথুৰে৷ চলিত ছিজনৰ বাকী থকা মেচসমূহ খেলিব নোৱাৰিব পুথুৰে৷
তেওঁৰ ঠাইত ৩১ বছৰীয়া ৰঘু শৰ্মাক চামিল কৰিছে মুম্বায়ে৷ ঘৰুৱা ক্ৰিকেটত পঞ্জাব আৰু পুডুচেৰীৰ হৈ খেলাৰ অভিজ্ঞতা আছে ৰঘুৰ৷
চলিত ছিজনত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই জিলিকি উঠিছিল পুথুৰ৷ এই ছিজনত তেওঁ ৬ টা উইকেট দখল কৰিছিল৷ তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ৩২ ৰানত তিনিটা উইকেট৷
কিন্তু আঘাতৰ বাবে তেওঁ দল এৰিবলৈ বাধ্য হ’ল৷ বিশ্ৰামৰ সুযোগ নোপোৱাৰ বাবে এইবাৰ খেলুৱৈসকলক অধিক আঘাতজনিত সমস্যাত আক্ৰান্ত হৈছে৷ সেয়ে দুৰ্বল হৈ পৰিছে দল

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial