হৃদয়ৰ সমস্ত আৱেগ ঢালি এলিয়ানাই সুধিছে
তোমাৰ ঘৰত মোক ৰাণী বনাই ৰাখিবানে…
এলিয়ানা মানে সেই এলিয়ানা গগৈ৷ সুন্দৰী এলিয়ানাই ছ’চিয়েল মিডিয়াত প্ৰায়ে নৃত্য কৰে৷ নিজকে ট্ৰান্স হিচাপে গৌৰৱেৰে চিনাকি দিয়া এলিয়ানাই তৃতীয় লিংগৰ অধিকাৰৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে৷
বিতোপনৰ পৰা এলিয়ানা হোৱা সুন্দৰীয়ে কিন্তু ছ’চিয়েল মিডিয়াত দিছে প্ৰেম প্ৰস্তাৱ৷ লতা মংগেশকাৰৰ অমৰ প্ৰেমৰ গীতত ভংগী দি তেওঁ কৈছে
(বজাই দিবা)
অৰ্থাৎ কোনো পুৰুষে যদি ৰাণীৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে তেন্তে তেওঁক আপোন কৰি লোৱাৰ ইচ্ছা কৰিছে এলিয়ানাই৷ লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ কৰি যুৱকৰ পৰা যুৱতী হোৱাৰ পিছত এলিয়ানা যে বিবাহৰ বাবে সাজু, তাৰে ইংগিত দিছে শেহতীয়া ৰীলটোত৷
অৱশ্যে সুন্দৰী এলিয়ানাৰ নাই প্ৰণয়প্ৰাৰ্থীৰ অভাৱ৷ ফে’চবুকত তেওঁক প্ৰায়ে প্ৰেম নিবেদন কৰে অজস্ৰ যুৱকে৷ এলিয়ানাক কিউট গাৰ্ল বুলি লিখিবলৈ খাপ পিটি থাকে ইনষ্টাগ্ৰামৰ ফল’ৱাৰ্ছ৷ মাজে মধ্যে এলিয়ানাৰ বাবে ইনষ্টাগ্ৰাম হৈ পৰে ইনষ্টাগৰম৷
অজস্ৰজনৰ প্ৰেম প্ৰস্তাৱৰ পিছত এলিয়ানাই ৰাণী হোৱাৰ বাবে কৰিছে হাবিয়াস৷ সুন্দৰী এলিয়ানাই বিচাৰিছে মনৰ মানুহ৷
সয়ম্বৰ পাতিলেও অৱশ্যে এলিয়ানাৰ বাবে অভাৱ নহ’ব প্ৰেমিকৰ৷ তাৰ পিছতো এলিয়ানাই ৰাণী বনাই ৰাখিবলৈ সন্ধান কৰিছে এজন ৰজাৰ৷
কোনে ৰাণী বনাই ৰাখিব ৰূপহী এলিয়ানাক
