তোমালোক আহা, আমি ফুল ছটিয়াই আদৰণি জনাম
এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে কাশ্মীৰৰ জনতাই৷ তেওঁলোকে ফুল ছটিয়াই স্বাগতম জনাইছে পৰ্যটকক৷ কাশ্মীৰিয়ে আলহী পৰ্যটকক জনাইছে- সন্ত্ৰাসবাদীক তোমালোকৰ দৰেই আমিও বেয়া পাওঁ৷
পহলগামৰ নৰমেধৰ পিছত পৰ্যটকসকলক আলহীৰ দৰে ৰখাৰ প্ৰতিশ্ৰুতি দিছে কাশ্মীৰিয়ে৷ তেওঁলোকে ৰক্ষা কৰিছে দূৰণিৰ অতিথিক৷ সন্ত্ৰাসবাদীয়ে নৰমেধ কৰা পহলগামতে হাতে হাতে ফুলেৰে সজোৱা থাল লৈ থিয় হৈ আছে স্থানীয় লোক৷ তেওঁলোকে পৰ্যটকলৈ ছটিয়াই দিছে ফুলৰ পাহি৷
ঘৰৰ পৰাই পৰ্যটকক কাশ্মীৰিয়ে আদৰণি জনাইছে৷ সন্ত্ৰাসবাদীৰ পৰা আলহীক সুৰক্ষা প্ৰদানৰো প্ৰতিশ্ৰুতি দিছে স্থানীয় লোকে৷ তেওঁলোকে হিন্দু পৰ্যটকক সম্পূৰ্ণ কাশ্মীৰি নিয়মেৰেও আদৰণি জনাইছে৷ থালিত সজোৱা মিঠাই আগবঢ়াই দিছে পৰ্যটকলৈ৷
সকলো পৰ্যটককে ঘৰৰ আলহী বুলি গণ্য কৰিছে স্থানীয় লোকে৷ কাশ্মীৰত প্ৰৱেশৰ পিছতে পৰ্যটকক খুওৱা হৈছে স্থানীয় খাদ্য৷ কিছুদিনলৈ কাশ্মীৰিয়ে পৰ্যটকৰ বাবে ভিন্ন ঠাইত লংগৰ স্থাপন কৰিছে৷ বাহিৰৰ পৰা যোৱা আলহীয়ে যাতে বায়া পাই নাযায় তাৰ বাবে খুওৱা হৈছে বিনামূলীয়া খাদ্য৷
পাহাৰত হাতে হাতে পানীৰ বটল লৈ ঘূৰি ফুৰিছে কাশ্মীৰি যুৱক৷ তেওঁলোকে পৰ্যটকক যাচিছে পানীৰ বটল৷ কৈছে
আহি থাকিব দেই
আমাক বেয়া নাপাব
আমাক বেয়া নাপাব দেই
