এচাম অন্ধ হিন্দুত্ববাদীৰ মতে মুছলমান দেশদ্ৰোহী৷ কিন্তু দেশৰ বাবে আকৌ প্ৰাণ উছৰ্গা কৰিবলৈ সাজু হৈছে এদল ইছলামধৰ্মী সৈনিক৷ শত্ৰু পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি জীৱন ত্যাগ কৰিবলৈ তেওঁলোকে সীমান্তত থিয় দিছে৷ স্বদেশৰ বাবে প্ৰাণ আহুতি দিবলৈ সাজু হোৱা সৈনিকসকলৰ ভিতৰত এজনে হৈছে ছুবেদাৰ ৰফিকুল শ্বেখ৷
বহুতৰ মাজতো ৰফিকুল অৱশ্যে বিশেষ৷ কিয়নো কাশ্মীৰত ইতিমধ্যে প্ৰাণ আহুতি দিছে তেওঁৰ সহোদৰ ভাতৃ হাবিলদাৰ জাণ্টু আলি শ্বেখে৷ পহলগামৰ হিন্দু হত্যাৰ পিছদিনাই কাশ্মীৰৰ উধমপুৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত লিপ্ত হৈছিল জাণ্টু৷ এদল সন্ত্ৰাসবাদীক অকলে জাণ্টুৱে প্ৰতিহত কৰিছিল৷ সেনাৰ ষষ্ঠ পেৰা ফ’ৰ্চৰ সৈনিকজনে পাকিস্তানী জেহাদীত হত্যা কৰি প্ৰাণ বিসৰ্জন দিছিল৷
পশ্চিমবংগৰ নাদিয়া জিলাৰ জাণ্টু আছিল নৱবিবাহিত৷ তেওঁৰ ভাতৃ ৰফিকুলো ভাৰতীয় সেনাতে কৰ্মৰত৷ ৰফিকুল বৰ্তমান ছুবেদাৰ হিচাপে কাশ্মীৰতে নিয়োজিত হৈ আছে৷ কিন্তু ভাতৃ বিয়োগৰ শোকবিহ্বল সময়তো ৰফিকুল ঘৰলৈ যোৱা নাই৷
তেওঁক অৱশ্যে কৰ্তৃপক্ষই দিছে ছুটী৷ কিন্তু কাশ্মীৰ উপত্যকাত সংকটৰ সময়ত ঘৰলৈ নাযাওঁ বুলি স্পষ্ট কৰি দিছে ৰফিকুল শ্বেখে৷ তেওঁ ঘোষণা কৰিছে
দেশ মোৰ বাবে সৰ্বোচ্চ
ৰফিকুলৰ ভাতৃয়ে ইতিমধ্যে দেশৰ বাবে দিছে আত্ম বলিদান৷ কিন্তু প্ৰয়োজনসাপেক্ষে তেৱোঁ দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিব বুলি প্ৰতিজ্ঞাবদ্ধ হৈছে ৰফিকুল শ্বেখ৷ সেয়ে কাশ্মীৰ সীমান্তত অতন্দ্ৰ প্ৰহৰী হৈ থিয় দি আছে ৰফিকুলে৷ যুদ্ধক্ষেত্ৰত ত্যাগ নকৰাৰ বাবে ৰফিকুল হৈ আছে প্ৰতিশ্ৰুতিবদ্ধ৷ ভাতৃ বিয়োগ শোক সহ্য কৰি সীমান্তত তেওঁ চলাইছে বন্দুক৷ দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি ভায়েকৰ হত্যাৰ প্ৰতিশোধ ল’ব বুলি অংগীকাৰ কৰিছে ৰফিকুল শ্বেখে৷
ছহিদ হাবিলদাৰ জাণ্টু আলিৰ ভাতৃয়েই দেশৰ প্ৰহৰী
