চৰকাৰী চাকৰিয়ালে ফোন ৰিচিভ কৰিবই লাগিব

বন্ধ হওক অথবা খোলা দিনেই হওক কথা নাই৷ সকলো সময়তে ফোন ৰিচিভ কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে৷ মোবাইল ফোনৰ ছুইচ কাহানিও চাকৰিয়ালে বন্ধ কৰিব নোৱাৰিব৷
২৪ ঘণ্টাই চৰকাৰী কৰ্মচাৰীক যোগাযোগৰ ভিতৰত থাকিবলৈ চৰকাৰে নিৰ্দেশ দিছে৷ যুদ্ধৰ আশংকাৰ ক্ৰমে বৃদ্ধিৰ পৰত সীমামূৰীয়া প্ৰদেশ পঞ্জাব চৰকাৰে জাৰি কৰিছে কঠোৰ হুকুম৷
তদানুসৰি কোনো কৰ্মচাৰীয়ে কিছুদিনলৈ ছুটী ল’ব নোৱাৰিব৷ পাৰ্ছনেল বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি সকলো চাকৰিয়ালে অহৰ্নিশে ৰিচিভ কৰিবই লাগিব ফোন৷
এই নিৰ্দেশ অমান্য কৰিলে নিৰ্দিষ্ট কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ব৷ পঞ্জাবৰ আপ চৰকাৰে প্ৰথমে সচিব পৰ্যায়ৰ বিষয়াসকলক এই হুকুম কাৰ্যকৰী কৰাৰ দায়িত্ব দিছে৷ অৰ্থাৎ উচ্চস্তৰৰ আমোলাই সকলো কৰ্মচাৰীৰ সৈতে ২৪ ঘণ্টাই যোগাযোগ ৰক্ষা কৰাটো নিশ্চিত কৰিব লাগিব৷
এয়া সম্ভৱ নহ’লে পাৰ্ছনেল বিভাগে প্ৰথমে শীৰ্ষ বিষয়াকে দায়বদ্ধ কৰিব৷ অহা কিছুদিনলৈ ৰাজ্যখনত সকলো কৰ্মচাৰীৰে ছুটীও কৰ্তন কৰা হৈছে৷ সকলো চাকৰিয়াল কাৰ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে৷ বৰ্তমান সীমান্তৰ উত্তেজনাৰ বাবে চৰকাৰে দিছে কঠোৰ নিৰ্দেশ৷
একেলগে চৰকাৰে সীমান্তত ড্ৰ’নৰ জৰিয়তে তালাচীৰ ঘোষণা কৰিছে৷ সীমান্ত পাৰ হৈ সন্ত্ৰাসবাদীয়ে যাতে ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে মানৱবিহীন যান উৰুওৱাৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial