কেদাৰনাথ ধামলৈ পদব্ৰজে যাত্ৰা ভক্তৰ

২০ কুইণ্টল গেন্ধাই ফুলেৰে সজাইছে কেদাৰনাথ মন্দিৰ
পুষ্পসজ্জ্বিত মন্দিৰৰ দ্বাৰ মুকলিৰ প্ৰস্তুতি
২ মে’ৰ পুৱা ৭ বজাত খোল খাব কেদাৰনাথ ধামৰ দুৱাৰ৷ বাবা কেদাৰনাথক আদৰিবলৈ পঞ্চমুখী দোলা ২৮ তাৰিখেই উখিমঠৰ শ্ৰীওমকাৰেশ্বৰ মন্দিৰলৈ প্ৰেৰণ কৰা হৈছে৷ মন্দিৰৰ দ্বাৰ মুকলিৰ পূৰ্বে ২০ কুইণ্টল গেন্ধাই ফুলেৰে সুসজ্জ্বিত কৰি তোলা হৈছে কেদাৰনাথ ধাম৷
ধৰ্মীয় নিয়ম অনুসৰি নিৰ্দিষ্ট ক্ষণত বাদ্য বাদন কৰি আদৰণি জনোৱা হ’ব ভগৱান কেদাৰনাথক৷ আকৌ নিজৰ গৃহলৈ প্ৰভুক স্বাগতমৰ বাবে কেদাৰনাথ ধামৰ পৰিৱেশ উৎসৱমুখৰ হৈ পৰিছে৷ নাৰ্জী ফুলৰ মালাৰে সুশোভিত কৰা হৈছে ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথ ধাম৷ ভক্তৰ সমাগমৰ পূৰ্বেই মন্দিৰৰ চৌহদত প্ৰৱেশ ঘটিছে সাধু-সন্ন্যাসীৰ৷
সনাতনী নিয়ম অনুযায়ী ২ মে’ৰ পুৱা ৭ বজাত কেদাৰনাথ প্ৰভুৱে নিজৰ ঘৰত প্ৰৱেশ কৰিব৷ তাৰ লগে লগে পৰ্বতীয়া পথেৰে আৰম্ভ হ’ব কেদাৰনাথ মন্দিৰলৈ ভক্তৰ যাত্ৰা৷ সমগ্ৰ গ্ৰীষ্মকাল কেদাৰনাথ মন্দিৰলৈ ওখোৰা-মোখোৰা পথেৰে পদব্ৰজে ভক্তই যাত্ৰা কৰিব৷
আকৌ শীতকালত বৰফপাতৰ লগে লগে বন্ধ হ’ব কেদাৰনাথ যাত্ৰা৷ এই পৰম্পৰা অনুসৰিয়েই ২ মে’ত কেদাৰনাথ মন্দিৰৰ দ্বাৰ মুকলি কৰা হ’ব৷ শীতকালত উখিমঠৰ শ্ৰীওমকাৰেশ্বৰ মন্দিৰলৈ যোৱা কেদাৰনাথ মহাপ্ৰভু ঘৰলৈ উভতি গৈছে৷ সেয়ে ভক্ত হৈ পৰিছে উল্লসিত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial