চন ২০১৫
আফগানিস্তানৰ পৰা উভতি আহিছিল মোদী
প্ৰধানমন্ত্ৰী দিল্লীলৈয়েই অহাৰ কথা আছিল৷ কিন্তু নাহিল৷
তেওঁ টুইট কৰিলে- মই পাকিস্তানলৈ গৈ আছোঁ
বিমানে ইউ-টাৰ্ন মাৰিলে৷ মোদীও লাহোৰত নামিলগৈ৷ তেতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল নৱাজ শ্বৰীফ৷ যাৰ ভাতৃ শ্বেহবাজ শ্বৰীফেই বৰ্তমান পাকিস্তানৰ প্ৰধানমন্ত্ৰী৷
এতিয়া এই ভিজুৱেললৈ মন কৰক- ৯ বছৰ আগেয়ে কৰা ভ্ৰমণত মোদী উপস্থিত হৈছিল নৱাজ শ্বৰীফৰ নাতিয়েকৰ বিবাহ৷ লাহোৰৰ পৰা কিছু দূৰৰ শ্বৰীফ পৰিয়ালৰ ৰাইৱাইণ্ড পালাটিয়াল ভৱনত বিয়াখনৰ অভ্যৰ্থনা হৈছিল৷ মোদী কঠোৰ নিৰাপত্তাৰ মাজত বিবাহত উপস্থিত হৈছিল৷
নৱাজ শ্বৰীফৰ কন্যা মৰিয়মৰ জীয়ৰী মেহৰুনৰ বিবাহত সেইদিনা মোদী উপস্থিত আছিল৷ তেওঁ নৱাজ শ্বৰীফক উপহাৰ দিছিল গুলপীয়া পাগুৰি৷ যিটো পিন্ধি আছিল শ্বৰীফে৷
কিন্তু তাৰ পিছতে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে পাঠানকোট আৰু উৰিত আক্ৰমণ কৰিলে৷ নৱাজ শ্বৰীফৰ নাতিনীয়েকৰ বিয়া খায়ো মোদীয়ে একো কৰিব নোৱাৰিলে৷ বিয়া খাই মোদী উভতি অহাৰ পিছতে ভাৰতত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ উপদ্ৰৱ বাঢ়ি হ’ল৷
এতিয়াও মোদীয়ে পাকিস্তানক এসেকা দিবলৈ একো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ কেৱল বাৰম্বাৰ ভাবুকি দিয়েই ক্ষান্ত আছে প্ৰধানমন্ত্ৰী৷
PMOত ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হৈছে৷ তেওঁলোকে উচ্চস্তৰীয় পৰ্যায়ত সম্ভৱতঃ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ পিছে জনতাৰ বাবে অশ্বডিম্বত পৰিণত হৈছে চৰকাৰী বৈঠক৷
কইনাঘৰীয়া হৈ মোদীয়ে উপহাৰ দিছিল পাগুৰী
