অসমতে অসমীয়া বিহু পাতিবলৈ নিদিয়ে
একেখন ফিল্ডতে পূজা পাতিব পাৰে
কিন্তু বিহু মেলা পাতিবলৈ নিদিয়ে অনুমতি
এই ঘটনাটো আন ঠাইথ হোৱা নাই৷ অসমতে উচ্ছেদেই কৰা হৈছে বিহু সন্মিলন মঞ্চ৷ ঘটনাটো ঘটিছে নগাঁৱৰ কামপুৰত৷ অঞ্চলটোৰ কেইজনমান লোকে মিলি মেজাংকৰি বিহু সন্মিলন আয়োজনৰ মনস্থ কৰিছিল৷ সেইসূত্ৰে কামপুৰ ৰে’লৱে কলনীৰ ফিল্ডতে কৰিছিল যো-জা৷
সকলো হৈ গ’ল৷ দৰ্শকৰ বাবে চকীপৰ্যন্ত যোগাৰ কৰিলে আয়োজকে৷ কিন্তু বিহু সন্মিলন অনুষ্ঠিত হ’ল৷ কাৰণ তাৰ পূৰ্বেই বিহুৰ বিপক্ষে কামপুৰ থানাত পৰিল এজাহাৰ৷
কিছুদিন পূৰ্বে কিন্তু সেইখন ফিল্ডতে দুৰ্গা পূজা অনুষ্ঠিত হৈছিল৷ পিছে এইবাৰ তাত বিহু পাতিবলৈ নিদিয়াৰ ঘোষণাৰে কামপুৰ পৌৰসভাই থানাত এজাহাৰ দাখিল কৰিলে৷ আশ্বৰ্যকৰভাৱে জয়ন্ত ফুকন নামৰ সমাজ সচেতন লোকজনেও স্বাক্ষৰ কৰিলে এজাহাৰত৷
উক্ত উচ্ছেদিত ভূমিত বিহু সন্মিলন পাতিবলৈ দিয়া নহ’ব বুলি কামপুৰৰ এচাম লোকে প্ৰকাশ কৰিছে৷ কিন্তু বিহু সন্মিলনৰ বিপক্ষে তেওঁলোকৰ বিষোদগাৰ কিহৰ বাবে সেয়াহে ৰহস্যৰ বিষয়৷
প্ৰাপ্ত তথ্য অনুসৰি উক্ত ভূমিত কিছুদিন পূৰ্বে ৰে’ল বিভাগে উচ্ছেদ অভিযান চলাইছিল৷ পিছে সেই ঠাইতে যোৱা অক্টোবৰত অনুষ্ঠিত হৈছিল দুৰ্গা পূজা৷ পিছে এইবাৰ বিহু পাতিবলৈ অনুমতি নিদিলে কামপুৰ পৌৰসভাই৷ বিহু সন্মিলনক লৈ থানাত দাখিল কৰা হ’ল এজাহাৰ৷
অসমীয়াই অসমতে নাপালে বিহু সন্মিলন পতাৰ অনুমতি
