ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভয়ত পাকিস্তানীৰ পলায়ন

ভাৰতৰ আক্ৰমণৰ শংকাত ছেদেলি-ভেদেলী হৈ পৰিছে পাকিস্তানী সেনা৷ পৰিয়ালক বিদেশলৈ প্ৰেৰণ কৰিছে সেনাধ্যক্ষ আছিল মুনীৰে৷
কিন্তু কাৰ্যকাল বৃদ্ধি কৰিবলৈয়েই সেনাধ্যক্ষ আছিম মুনীৰে উত্তেজনা বৃদ্ধিৰ চেষ্টা চলাইছে বুলি অভিযোগ তুলিছে দেশখনৰে সংবাদ মাধ্যমে৷ পহলগামৰ ঘটনাৰ সৈতে সেনাধ্যক্ষৰ কাৰ্যকালৰ সম্পৰ্ক আছে বুলি দাবী কৰিছে পাকিস্তানৰ সাংবাদিকে৷
দেশখনৰ জ্যেষ্ঠ সাংবাদিকৰ বিশ্লেষণ মতে অৱসৰ গ্ৰহণৰ দিন চমু চাপি অহাৰ বাবে আই এছ আইৰ সহযোগত পহলগামৰ কূটাঘাত সংঘটিত কৰাইছে আছিম মুনীৰে৷ দ্বিপাক্ষিক উত্তেজনা বাহাল থাকিলে সেনাধ্যক্ষ পদত অধিক সময় কাৰ্যনিৰ্বাহৰ সুযোগ পোৱাৰ লোভতে মুনীৰে উত্তেজনা সৃষ্টি কৰাইছে৷
সচৰাচৰ পাকিস্তানী ৰাজনীতিত সেনাধ্যক্ষই গ্ৰহণ কৰে মূল ভূমিকা৷ বিগত সময়ত একমাত্ৰ মুনীৰৰ বিৰোধিতাৰ বাবে পদৰ পৰা অপসাৰিত হৈ জে’লত সোমাবলগীয়া হৈছিল তৎকালীন প্ৰধানমন্ত্ৰী ইমৰান খান৷
একেদৰে শ্বেহবাজ শ্বৰীফো সেনাৰ আশীৰ্বাদতে প্ৰধানমন্ত্ৰী হৈ আছে৷ গতিকে তেওঁৰো আছিম মুনীৰৰ বিপক্ষে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস নাই৷ কিন্তু পাক সামৰিক বাহিনীৰ অভ্যন্তৰীণ বিভাজন ৰোধ কৰিবলৈ সক্ষ হোৱা নাই সেনাধ্যক্ষ৷ দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ সময়ত ভাৰতে আক্ৰমণ কৰিলে যে চৰকাৰে সেনাক সহায় কৰিব নোৱাৰে সেয়া নিশ্চিত৷
গতিকে উচ্চপদস্থ বিষয়াসকলে ততালিকে বিদেশলৈ প্ৰেৰণ কৰিছে পৰিয়ালক৷ আত্মীয়ক প্ৰথমে তেওঁলোকে সুৰক্ষিত কৰিছে৷ কিন্তু প্ৰাণৰ ভয়ত ২৫০ কনিষ্ঠ বিষয়াই পদত্যাগ কৰিছে৷ কিছুদিনৰ ভিতৰতে ৪,৫০০ জোৱানেও দিছে ইস্তফা৷ সমান্তৰালভাৱে সেনাত উলম্ব বিভাজনৰ সূত্ৰপাত হৈছে৷ কৰ্নেল পৰ্যায়ৰ বিষয়াই আছিম মুনীৰৰ বিৰুদ্ধে বিসম্বাদ কৰিছে৷ ব্যক্তিগত স্বাৰ্থত ৰাষ্ট্ৰীয় সংকটৰ সূত্ৰপাত কৰা সেনাধ্যক্ষৰ বিৰুদ্ধে লিখা এখন পত্ৰত স্বাক্ষৰ কৰিছে কেপ্টেইন, মেজৰ আৰু কৰ্নেল পৰ্যায়ৰ বিষয়াই৷
ৰাজহুৱা হৈ পৰা চিঠিখনে নিশ্চিত কৰিছে সেনাৰ বিভাজন৷ আনহাতে ভাৰতৰ বিৰুদ্ধে ব্যস্ত হৈ পৰা বাবে পাকিস্তানত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি তেওঁলোকে অভিযোগ তুলিছে৷ সাতে-পাঁচে মিলি শ’লঠেকত পৰিছে সেনাধ্যক্ষ মুনীৰ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial