এমাহতে খৰচ কৰিলে ৩৬ কোটি টকা

কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে জম্মু-কাশ্মীৰৰ আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ অধিকাৰ আছে কেৱল কেন্দ্ৰীয় চৰকাৰৰ৷ সেয়ে দিল্লীৰ প্ৰতিনিধি হৈছে আৰক্ষী সঞ্চালকপ্ৰধান নলীন প্ৰভাত৷
তেওঁৰ কাৰ্যকালতে পহলগামতে সন্ত্ৰাসবাদীয়ে ধৰ্ম সুধি ২৬ পৰ্যটকক হত্যা কৰিলে৷ কিন্তু ১৯৯২ চনৰ অন্ধ্ৰপ্ৰদেশ কেডাৰৰ এইজন আই পি এছৰ প্ৰতিও বহুতে তুলিছে সন্দেহৰ আঙুলি৷
নলীন প্ৰভাতে যোৱাবছৰৰ অক্টোবৰত জম্মু-কাশ্মীৰৰ ডিজিপি হিচাপে দায়িত্ব লৈছিল৷ ডিচেম্বৰতে মানালীত তেওঁ ক্ৰয় কৰিছিল ১০ কোটিটকাৰ ভূ-সম্পত্তি৷
ঘৰে-মাটিয়ে বিশাল এলেকা কিনিছিল নলীন প্ৰভাতে৷ একেসময়তে চণ্ডীগড়ত ২৬ কোটিটকীয়া বাংলো ক্ৰয় কৰিছিল আই পি এছ বিষয়াজনে৷ পত্নী আৰু পুত্ৰৰ নামত নলীন প্ৰভাতে সম্পত্তি ক্ৰয় কৰিছে৷ কিন্তু ডিজিপি হিচাপে তেওঁ লাভ কৰে মাহিলী ২.২০ লাখ টকা দৰমহা৷
গতিকে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত নলীন প্ৰভাত হৈ পৰিছে আলোচ্য বিষয়৷ তেওঁৰ সম্পত্তিৰ পাহাৰৰ বিষয়ে তদন্তৰো দাবী উত্থাপিত হৈছে৷
মাহিলী ২ লক্ষাধিক টকা বেতন পোৱা আৰক্ষী বিষয়াই কিছুদিনৰ ব্যৱধানতে বিশাল সম্পত্তি আহৰণ কৰাৰ আঁৰত ৰহস্য আছে বুলি দাবী কৰিছে কাশ্মীৰি জনতায়ো৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial