সাহস আছিল ডঃ মনমোহন সিঙৰ৷ সেয়ে মুম্বাই আক্ৰমণৰ পিছতে তদানীন্তন প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰিছিল৷ প্ৰধানমন্ত্ৰী হিচাপে দেশ সন্মুখীন হোৱা বিপৰ্যয়ৰ বিষয়ে ঘটনাক জনাইছিল ডঃ মনমোহন সিঙে৷
কিন্তু ২২ এপ্ৰিলত পহলগামৰ নৰমেধ হোৱাৰ আজি এসপ্তাহেই হ’ল৷ এবাৰো সাংবাদিকৰ সন্মুখীন নহ’ল নৰেন্দ্ৰ মোদী৷
২০০৮ চনৰ ২৬ নৱেম্বৰৰ মুম্বাই আক্ৰমণৰ দিনটোত দিল্লীত হৈছিল ধাৰাষাৰ বৰষুণ৷ সেই বৰষুণৰ মাজতে ডঃ মনমোহন সিঙে ছাতি লৈ সংবাদ মাধ্যমক সম্বোধন কৰিছিল৷ সন্ত্ৰাসবাদী পাকিস্তানী বুলি নিশ্চিত কৰি তেওঁ জনতাক নিৰ্ভয়ে থাকিবলৈ আহ্বান জনাইছিল৷
এইবাৰ পিছে কেৱল ৰেডিঅ’ৰ মন কী বাততে মোদীৰ আশ্বাস সীমিত হৈ থাকিল৷ ১৪০ কোটি ভাৰতীয়ৰ মুৰব্বী হিচাপে তেওঁ এবাৰো পোনপটীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখীন নহ’ল৷ কেৱল নিজেই ৰখা কোৱাত ব্যস্ত থাকিল মোদী৷
মুম্বাই কাণ্ডৰ পিছতে নৈতিক দায়িত্ব স্বীকাৰ কৰি গৃহমন্ত্ৰী শিৱৰাজ পাটিল আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা এম কে নাৰায়ণনে পদত্যাগ কৰিছিল৷ তেওঁলোকে ব্যৰ্থতা মূৰ পাতি লৈছিল৷ কিন্তু এইবাৰ অমিত শ্বাহক কোনেও পদত্যাগ দাবী কৰিবলৈয়েই সাহস নকৰিলে৷
প্ৰধানমন্ত্ৰীয়ে মোদীয়ে নুশুনিলে জনতাৰ মনৰ কথা৷ কেৱল নিজৰ মনৰ কথাহে কৈ থাকিল মোদীয়ে৷
মোদীৰ তুলনাত সাহসী আছিল ডঃ সিং
