বৈভৱৰ চকুত যেন দুটোপাল মুক্তা…

IPLৰ আৰম্ভণিতে চিন্তাত পৰিছিল ৰাহুল দ্ৰাৱিড়৷ ১ কোটি ১০ লাখ টকাত কিনিলে, কিন্তু পেচাৰৰ বলত বৈভৱ সূৰ্যবংশী আহত হ’ব বুলি দ্ৰাৱিড়ে চিন্তা কৰিছিল৷ সেয়ে এইবাৰৰ IPLত বৈভৱে নেখেলে বুলিয়েই দ্ৰাৱিড়ে কৰিছিল ঘোষণা৷
অৱশ্যে দ্ৰাৱিড়ে চিন্তা কৰাৰো কাৰণ আছিল৷ কিয়নো বৈভৱ সূৰ্যবংশী নামৰ বালক আছিল IPLতকৈয়ো চাৰিবছৰে সৰু৷ ২০০৮ চনত IPL আৰম্ভ হোৱা সময়ত বৈভৱৰ জন্মই হোৱা নাছিল৷ কিন্তু নেটত বেটিং কৰি থকা বৈভৱক দেখি দ্ৰাৱিড়ৰ মন সলনি হৈ গ’ল৷
কাষতে ৰৈ থকা যশস্বী জয়ছোৱালক দ্ৰাৱিড়ে ক’লে-
লৰাটোৱে ফ্লিক কৰিয়েই জগত জিনিব
কথাটো হয়ো হয়৷ দলৰ দুৰৱস্থাৰ সময়ত ক্ৰীজত নামিয়েই কেৰিয়াৰৰ প্ৰথমখন IPL মেচত বৈভৱে কভাৰ ড্ৰাইভেৰে ফ্লিক কৰি এটা অভাৰ বাউণ্ডেৰী কোবালে৷ সেইদিনাৰ পৰাক্ৰমী ইনিংছৰ কিন্তু মধুৰেন সমাপেয়াৎ নহ’ল৷ ছেকেণ্ডৰ ভুলৰ বাবে ষ্টাম্পিং হ’ল বৈভৱ৷
দ্ৰাৱিড়ে অৱশ্যে দোছাৰ সৈতে জ্বলা ছাম্বাৰ নাখায়, হ’লেও তেওঁ জানিছিল- কণ জলকীয়া জাল বেছি৷ সেয়ে যশস্বীৰ অনুপস্থিতিত বৈভৱকে অপেনাৰ হিচাপে নমাই দিছিল প্ৰশিক্ষকে৷
প্ৰশিক্ষকৰ বিশ্বাস ৰাখি বৈভৱে ক্ৰীজত ধাৰণ কৰিলে মহিষাসুৰৰ ৰূপ৷ প্ৰহাৰেন ধনঞ্জয় মূৰ্তিৰে গুজৰাটৰ প্ৰতিজন বলাৰকে বৈভৱে সহজ ভাষাত ধূলাই দিলে৷ ২১০ ৰানৰ পম খেদি ১৭ বলতে কৰিলে হাফ চেঞ্চুৰী৷
সৰ্বশেষত ১১টা ছিক্সাৰেৰে সজোৱা ইনিংছটোত ৩৫ বলতে ১০০ ৰান কৰিলে বৈভৱে৷ যিজন বালকে ২০১৭ চনত দেউতাকৰ কোলাত উঠি IPL চাইছিল, তেৱেঁই ৰচিলে নতুন ইতিহাস৷
কেৰিয়াৰৰ প্ৰথমখন মেচৰ ২০ নম্বৰ বলটোত ফ্ৰিকশ্যন অৱ এ ছেকেণ্ডৰ বাবে পপিং ক্ৰিজৰ সামান্য ওপৰলৈ উঠি গৈছিল বাঁওভৰিৰ বেটিং বুট৷ ক্ষণিকৰ ভুলত ষ্টাম্পিঙৰ চিকাৰ আৰু এটা প্ৰচুৰ সম্ভাৱনাময় ইনিংছৰ ঘটিছিল অনাকাংক্ষিত পৰিসমাপ্তি৷ সেইদিনা ডাগ আউটত আধা হেলমেট খোলা অৱস্থাত বৈভৱৰ চকুত সকলোৱে দেখিছিল দুটোপাল মুক্তা৷
কিন্তু শতক কৰিও বৈভৱে কান্দিলে৷ চকুৰ মুক্তাই জনাই দিলে- এ ষ্টাৰ ইজ বৰ্ন!

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial