ভাৰতৰ বিৰুদ্ধে যুদ্ধ নকৰিবা
প্ৰধানমন্ত্ৰী ভাতৃক এই উপদেশ দিছে নৱাজ শ্বৰীফে৷ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰে ভাতৃ শ্বেহবাজ শ্বৰীফে বৰ্তমান হৈ আছে প্ৰধানমন্ত্ৰী৷ আনহাতে নৱাজ শ্বৰীফৰ শাসনকালতে হৈছিল কাৰ্গিল যুদ্ধ৷ য’ত পাকিস্তান বিধ্বস্ত হৈছিল৷
সেয়ে ভায়েকক ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ পৰা বিৰত থকাৰ উপদেশ দিছে নৱাজ শ্বৰীফে৷ অভিজ্ঞ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে কূটনৈতিকভাৱে উত্তেজনা প্ৰশমন কৰাৰহে কামনা কৰিছে৷ যুদ্ধ ঘোষণা কৰিলেই পাকিস্তান বিধ্বস্ত হৈ পৰিব বুলি আশংকা কৰিছে নৱাজ শ্বৰীফে৷
পাকিস্তানৰ সংবাদ পত্ৰৰে খবৰ অনুসৰি ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰাৰ পিছতে দেশখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আয়োগৰ বৈঠক হৈছিল৷ এই সভাত কেবাজনো শীৰ্ষ নেতাই যুদ্ধ ঘোষণাৰ বাবে আহ্বান জনাইছিল শ্বেহবাজ শ্বৰীফক৷ সেনাধ্যক্ষ আছিম মুনীৰো যুদ্ধৰ পক্ষত আছিল৷ কিন্তু বিষয়টো সন্দৰ্ভত অভিজ্ঞ ককায়েকৰ পৰামৰ্শ গ্ৰহণ কৰিলে শ্বেহবাজ শ্বৰীফে৷
পহলগামৰ নৰমেধত পাকিস্তানৰ হাত প্ৰমাণিত হোৱাৰ পিছত সংযত হ’বলৈ ভাতৃক উপদেশ দিলে নৱাজ শ্বৰীফে৷ পাকিস্তান মুছলিম লীগ (এন)ৰ নেতা হিচাপে তিনিবাৰ দেশখনৰ প্ৰধানমন্ত্ৰী হোৱা শ্বৰীফৰ মতে তাৎক্ষণিকভাৱে দেশখনে ভাৰতবিৰোধী স্থিতি পৰিহাৰ কৰা উচিত৷ অন্যথা পৰিস্থিতি হিতে বিপৰীত হ’ব বুলি নৱাজ শ্বৰীফে প্ৰকাশ কৰিলে৷ তেওঁৰ বিৰোধিতাৰ বাবে পাকিস্তান চৰকাৰে তাৎক্ষণিকভাৱে যুদ্ধ ঘোষণা কৰিব নোৱাৰিলে৷
তিনিবাৰ প্ৰধানমন্ত্ৰী হোৱা নৱাজ শ্বৰীফ পূ্ৰ্বে দুৰ্নীতিৰ অভিযোগত কাৰাগাৰত সোমাইছিল৷ মুক্ত হোৱাৰ পিছতে বিদেশত বসতি স্থাপন কৰিছিল নৱাজে৷ কিন্তু ভাতৃ শ্বেহবাজ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত পাকিস্তানলৈ তেওঁ প্ৰত্যাৱৰ্তন কৰিছিল৷ তেতিয়াৰ পৰা স্বদেশতে আছে নৱাজ শ্বৰীফ৷ কিন্তু পৰিস্থিতি পাকিস্তানৰ বাবে সুবিধাজনক নহয় বুলি তেওঁ থাৱৰ কৰিছে৷ সেয়ে যুদ্ধৰ পৰা বিৰত থাকিবলৈ শ্বৰীফে প্ৰধানমন্ত্ৰী ভাতৃক দিছে উপদেশ৷
প্ৰাক্তন প্ৰধানমন্ত্ৰীয়েও স্বীকাৰ কৰিলে পৰাজয়
