সেই ঘৰটোতে আদালত চলিব, যিটো ঘৰত পত্নী আৰু তিনি কন্যাক হত্যা কৰি পুতি থৈছিল ন্যায়াধীশ উপেন ৰাজখোৱাই৷
ধুবুৰী চহৰৰ এক নম্বৰ ৱাৰ্ডস্থিত ধুবুৰী জিলা ন্যায়িক আদালত উদ্বোধন কৰিছে হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে৷
কিন্তু নৱনিৰ্মিত ভৱনটোৰ আছে অভিশপ্ত ইতিহাস৷ ৭০ দশকত ধুবুৰীৰ জিলা সত্ৰ ন্যায়াধীশৰ এটা বাসভৱনত সংঘটিত হৈছিল লোমহৰ্ষক ঘটনা৷ মৃত্যু হৈছিল এটা পৰিয়ালৰ চাৰিগৰাকী মহিলাৰ৷
জিলা দণ্ডাধীশ উপেন ৰাজখোৱাই হত্যা কৰিছিল পত্নী পুতুলী ৰাজখোৱাৰ লগতে ধৰি নিৰ্মালী ৰাজখোৱা, সোণালী ৰাজখোৱা আৰু ৰূপালী ৰাজখোৱা নামৰ তিনি কন্যাক৷ কিন্তু কিয় এই নিৰ্মম কাণ্ড সংঘটিত কৰিছিল তাৰ ৰহস্য এতিয়ালৈ ভেদ নহ’ল৷
ন্যয়াধীশ ৰাজখোৱাক সহযোগ কৰা মালীজনে চৰম পন্থা অৱলম্বন কৰিছিল৷ শিলিগুৰিৰ পৰা কৰায়ত্ত কৰা ন্যায়াধীশ ৰাজখোৱাকো চৰম শাস্তি বিহা হৈছিল৷
কিন্তু ৭০ দশকৰ হত্যাকাণ্ডৰ পিছতে পৰিত্যক্ত হৈ আছিল জিলা দণ্ডাধীশৰ বাসভৱনটো৷ ভৱনটো ভূত বঙলা বুলিয়েই চিনাকি হৈ পৰিছিল৷
বৰ্তমান সেই ভূত বঙলাই হৈছে ধুবুৰীৰ ন্যায়িক আদালত৷ ছমহলীয়া জিলা ন্যায়িক আদালতৰ অট্টালিকাত আছে অত্যাধুনিক ব্যৱস্থা৷ স্বাস্থ্যসেৱা, তথ্য-প্ৰযুক্তিৰ ব্যৱস্থাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰে ভাৰ্ছুৱেলী গোচৰ নিষ্পত্তিৰ ব্যৱস্থা আছে৷
ন্যায়াধীশ উপেন ৰাজখোৱাৰ ঘৰত মানুহৰ সমাগম
