সিন্ধু নৈৰ পানী বন্ধ কৰাটো অসম্ভৱ

নৰেন্দ্ৰ মোদীয়ে দিল্লীত ঘোষণা কৰাৰ লগে লগে পাকিস্তানলৈ সিন্ধু নৈ সোঁত বন্ধ কৰাটো অসম্ভৱ৷ পাকিস্তানক পানীৰ পৰা বঞ্চিত কৰিবলৈ ভাৰতেও কেবাশ কোটি টকা ব্যয় কৰিব লাগিব৷ লগতে এই প্ৰক্ৰিয়াৰ বাবে দীৰ্ঘ সময়ৰ প্ৰয়োজন হ’ব৷
চৰকাৰে পহলগাম কাণ্ডৰ প্ৰতিশোধকল্পে সিন্ধু জল চুক্তি ঠিকেই বাতিল কৰিলে৷ কিন্তু সেই সিদ্ধান্ত বলৱৎ কৰাটো সহজ নহয়৷ ১৯৬০ চনত স্বাক্ষৰিত সিন্ধু জল চুক্তি এখন নদীক লৈ নহয়৷ মুঠ ৬ খন নৈক লৈ এই চুক্তিখন কৰা হৈছিল৷
পূবদিশৰ তিনি নৈ ক্ৰমে ৰবি, বিপাশ আৰু শতদ্ৰুৰ পানীত পূৰ্বৰে পৰা ভাৰতৰ অধিকাৰ আছে৷ পশ্চিমৰ ৩ নদী সিন্ধু, চেনাব আৰু ঝিলামৰ পানী সেই চুক্তিৰ জৰিয়তে পাকিস্তানলৈ এৰি দিয়া হৈছিল৷ সেই ৩ খন নদীৰ পানী ভাৰতে পৰিবহণ, বিদ‍্যুৎ উৎপাদন আদিত ব‍্যৱহাৰ কৰিব পাৰিছিল৷ কিন্তু ৮০% পানী পাকিস্তানলৈ বোৱাই দিবলৈ বাধ‍্য আছিল।
যিহেতু ছখন নদী দুয়োখন দেশৰ মাজত বৈ গৈছে, সেয়ে চুক্তিখন গুৰুত্বপূৰ্ণ। এতিয়া যিহেতু চুক্তি বাতিল হ’ল, ভাৰতে পশ্চিমৰ ৩ খন নৈৰ পানী পাকিস্তানলৈ বৈ যাবলৈ দিবলৈ বাধ‍্য নহয়। কিন্তু তাৰ অৰ্থ এইটোও নহয় যে নদী কেইখনৰ পানী হঠাৎ পাকিস্তানলৈ বৈ যোৱাটো বন্ধ কৰি দিব পৰা যাব৷ বোৱতী নদীৰ পানী ধৰি ৰাখিবলৈ নদীবান্ধ সাজিব লাগিব৷
অন্যথা সেই পানীয়ে ভয়ংকৰ ৰূপ ল’ব। পাহাৰীয়া অঞ্চলৰ খৰস্ৰোতা নৈ বাবে সমস্যা হৈ পৰিব অধিক ভয়ংকৰ৷ তদুপৰি নদীবান্ধ নিৰ্মাণৰ বাবে ২০ বছৰ পৰ্যন্ত সময় লাগিব পাৰে৷ ব্যৱহাৰিক দিশত পাকিস্তানৰ ওপৰত প্ৰভাৱ পৰাকৈ পৰিবৰ্তন হ’বলৈ কমেও ৫ বছৰ লাগিব৷ ভাৰতে নিজৰ দেশত সেই ৩ খনৰ পানী ব্যৱহাৰ কৰিলেও নামনিমুৱা সোঁত বন্ধ কৰি দিব নোৱাৰে৷ সেয়ে সিন্ধু একেবাৰে কেতিয়াও শুকাই নাযায়৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial