লালচ’কত থিয় হৈ চিঞৰিলে কাশ্মীৰিয়ে

পহলগামৰ নৰমেধে কৰা ক্ষতি কেতিয়াও পূৰ কৰিব নোৱাৰি৷ কিন্তু সন্ত্ৰাসবাদীৰ আক্ৰমণে একত্ৰিত কৰিলে দেশবাসীক৷ নৰমেধৰ পিছত দেশবাসীৰ সৈতে একেশাৰীতে থিয় হ’ল কাশ্মীৰবাসী৷
লালচ’কত থিয় হৈ এতিয়া কাশ্মীৰিয়ে উদাত্ত কণ্ঠে কৈছে-
হাম হিন্দুস্থানী হ্যে
হিন্দুস্থান হামাৰা জান হ্যে
(বজাই দিবা)
কাশ্মীৰৰ সৈতে থকা ব্যৱধান ক্ৰমে হ্ৰাস কৰিছে পহলগামৰ নৰমেধে৷ পূৰ্বে দেশ বিৰোধীৰ ঘাটী হৈ পৰা লালচ’কত বৰ্তমান উৰিছে ত্ৰিৰংগা৷
এইটোৱেই হৈ পৰিছে পহলগামৰ হিন্দু হত্যাৰ ছিলভাৰ লাইনিং৷
কাশ্মীৰৰ সাধাৰণ জনতা বিশেষকৈ যুৱ প্ৰজন্মই পহলগামৰ বৰ্বৰতাৰ প্ৰতিবাদত ৰাস্তালৈ ওলাই আহিছে৷ যি আৱেগৰে কাশ্মীৰিয়ে নিজকে অমন পছন্দ হিন্দুস্থানী বুলি দাবী কৰিছে- এই কথাবোৰ কাশ্মীৰ উপত্যকাৰ এটা বৃহৎ পট পৰিৱৰ্তনকে উনুকিয়াই দিছে।
কাশ্মীৰিসকলৰ জীৱিকাৰ মূল উৎস পৰ্যটনক ধ্বংস কৰি হেজাৰ হেজাৰ যুৱকক ব্ৰেইন ৱাশ্ব কৰিবলৈ পাকিস্তানে চক্ৰান্ত কৰিছিল৷ সন্ত্ৰাসবাদ আৰু ধৰ্মীয় উৎপীড়নৰ পাকিস্তানী ষড়যন্ত্ৰ বিফল হৈছে।
ধৰ্মীয় পৰিচয়ৰ ভিত্তিত পৰ্যটকক হত্যা কৰি সমগ্ৰ দেশতে ধৰ্মীয় উত্তেজনা বিয়পোৱাৰ পাকিস্থানী ষড়যন্ত্ৰই মুখথেকেচা খাইছে৷
কাশ্মীৰলৈ যাবলৈ পৰ্যটকে যাতে ভৱিষ্যতে ভয় কৰে আৰু তাৰ দ্বাৰা কাশ্মীৰৰ মানুহক ভাৰতীয় মূলসুঁতিৰ পৰা বিচ্ছিন্ন কৰি বিচ্ছিন্নতাবাদক সাৰ-পানী যোগান ধৰাৰ ষড়যন্ত্ৰ পাকিস্তানৰ দীৰ্ঘদিনীয়া৷
কিন্তু পহলগামত অকাল মৃত্যুক সাৱটি লোৱা প্ৰতিজন ছহিদৰ মৰ্মান্তিক মৃত্যুৱে ইমান বছৰে কোনেও কৰিব নোৱাৰা কাম সমাধা কৰিছে৷ কাশ্মীৰ এতিয়া দূৰ নহয়৷ সেয়াও হৈ পৰিছে প্ৰমাণিত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial